ETV Bharat / state

বিজেপিৰ ৰেলী : ৰাজপথত চটফটাই থাকিল ৰোগী - BJP RALLY

পথত বহু সময় আৱদ্ধ ৰোগীসহ এম্বুলেঞ্চ ৷ যাঁন-জট নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ মুকালমুৱা আৰক্ষী ৷  দুখনকৈ ৰোগী কঢ়িওৱা এম্বুলেঞ্চে বহু সময় ধৰি চাইৰেণ বজাই থকাৰ পাচতো বাট মুকলি কৰি দিয়া নাছিল বিজেপিৰ সমৰ্থকসকলে ৷

ৰাজপথত চটফটাই থাকিল ৰোগী
author img

By

Published : Apr 10, 2019, 9:44 PM IST

নলবাৰী, 10 এপ্ৰিল: ৰাইজে ৰজা পাতি দিল্লী-দিশপুৰলৈ পঠিওৱা নেতা মন্ত্ৰী-বিধায়কে নিৰ্বাচনৰ পাচতে পাহৰি পেলায় সাধাৰণ জনতাক ৷ ইয়াৰে এক বাস্তৱ ছবি বুধবাৰে প্ৰতিফলিত হ'ল বৰক্ষেত্ৰীত ৷ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ বলিছে গৰম বতাহ ৷ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে দেশৰ বিভিন্ন ৰাজনৈতিক দল সমূহ ৷ সমান্তৰালভাৱে অসমতো বলিছে লোকসভা নিৰ্বাচনৰ উতলা বতাহ ৷ উল্লেখযোগ্য যে 7 নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই বৰক্ষেত্ৰীত চলালে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷

পথত বহু সময় আবদ্ধ ৰোগীসহ এম্বুলেঞ্চ

বৰক্ষেত্ৰীৰ পূৱ প্ৰান্তৰ কুৰিহাৰ পৰা বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ন ডেকা সহ বিজেপিৰ হেজাৰ,হেজাৰ সমৰ্থকে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীক এক বৃহৎ ৰেলীৰে আদৰি আনিছিল বৰক্ষেত্ৰীলৈ ৷ ফলত তীব্ৰ যাঁনযটৰ সৃষ্টি হৈছিল গুৱাহাটী-বৰপেটা পথচোৱাত ৷ কুইন ওজাৰ বৃহৎ ৰেলীটো ঘোগা গাঁৱৰ মাজেৰে সোমাঁওতেই গুৱাহাটী-বৰপেটাৰ পথৰ ঘোগা চকত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুখনকৈ ৰোগী কঢ়িওৱা এম্বুলেঞ্চে বহু সময় ধৰি চাইৰেণ বজাই থকাৰ পাচতো বাট মুকলি কৰি দিয়া নাছিল বিজেপিৰ সমৰ্থকসকলে ৷ এম্বুলেঞ্চৰ ভিতৰত চটফটাই থাকিল ৰোগী ৷ ৰোগী কঢ়িওৱা বাহনখনৰ পথ মুকলি কৰি দিয়াত একপ্ৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছিল মুকালমুৱা আৰক্ষীও ৷ ফলত এম্বুলেঞ্চ দুখনৰ ভিতৰতে প্ৰায় এঘন্টা ধৰি চটফটাই থাকে ৰোগী সহ আত্মীয় ৷ পৰৱৰ্তী সময়ত স্থানীয় একাংশ সাংবাদিকৰ তৎপৰতাত পথ মুকলি কৰি দিয়া হয় এম্বুলেঞ্চ দুখনক ৷ সৰ্বসাধৰণ জনতাক হাৰাশাস্তি কৰি ৰাজপথত এনেদৰে ঘন্টাই-ঘন্টাই ৰোগী তথা সাধাৰণ জনতাক বন্দী কৰি ৰখাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰক্ষেত্ৰীত ৷

Slug=Exclusive Story.. Ambulance.10April..FTP

#বিজেপিৰ ৰেলীত ৰাজপথত চটফটাই থাকিল ৰোগী#

#ৰাজপথত বহু সময় আবদ্ধ ৰোগীসহ এম্বুলেঞ্চ #

#যানযত নিয়ন্ত্ৰনত চুড়ান্ত ব্যৰ্থ মুকালমুৱা আৰক্ষী # 

V.O=এক অসহনীয়, যন্ত্ৰনাহীন ! প্ৰায় একঘন্টা সময়ে বৰক্ষেত্ৰী তথা গুৱাহাটী-বৰপেটা পথৰ সাধাৰণ জনতাৰ চকু সেমেকি তুলিলে ৷ ৰাইজে ৰজা পাতি দিল্লী-দিশপুৰৰ শাসনলৈ পঠিওৱা নেতা মন্ত্ৰী-বিধায়কৰ সৰ্বশক্তিয়ে যে সাধাৰণ জনতাক আওকান কৰি নিজৰ শক্তি প্ৰয়োগ কৰাত অটল থাকে তেনে এক বাস্তৱ চবি আজি বৰক্ষেত্ৰীত প্ৰতিফলিত হল ৷ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ বলিছে গৰম বতাহ ৷ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে দেশৰ বিভিন্ন ৰাজনৈতিক দল সমুহ ৷ সমান্তৰালভাৱে অসমতো বলিছে লোকসভা নিৰ্বাচনৰ উতলা বতাহ ৷ উল্লেখযোগ্য যে ৭নং  গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই বৰক্ষেত্ৰীত চলালে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ প্ৰচাৰ অভিযানৰ সময়ত বৰক্ষেত্ৰীত যি দৃশ্য সুলভ হৈ পৰিল সেই দৃশ্যই প্ৰতিজন সৰ্বসাধৰণ জনতাৰ চকু সেমেকাই তুলিলে ৷ দৃশ্য দেখিয়ে একেমুখে ধিক্কাৰ দিলে সৰ্বসাধাৰণে ৷ লক্ষণীয়  যে ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই আজি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে ৰাতিপুৱাই উপস্থিত হৈছিল বৰক্ষেত্ৰীত ৷ বৰক্ষেত্ৰীৰ পূৱপ্ৰান্তৰ কুৰিহাৰ পৰা বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ন ডেকা সহ বিজেপিৰ হেজাৰ,হেজাৰ সমৰ্থকে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীক এক বৃহৎ ৰেলীৰে আদৰি আনিছিল বৰক্ষেত্ৰীলৈ ৷ ফলত তীব্ৰ যানযতৰ সৃষ্টি হৈছিল গুৱাহাটী-বৰপেটা পথচোৱাত ৷ আজি প্ৰাৰ্থী গৰাকীক বৰক্ষেত্ৰীৰ পূৱ প্ৰান্তৰ পৰা ঘোগা-দাগাপাৰ-দৰংগিপাৰা হৈ মুকালমুৱালৈ এক ৰেলীযোগে নিৰ্বাচনী প্ৰচাৰ চলাই  আহিছিল ৷ কুইন ওজাৰ বৃহৎ ৰেলীটো ঘোগা গাঁওৰ মাজেৰে সোমাওতেই গুৱাহাটী-বৰপেটাৰ পথৰ ঘোগা চকত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুখনকৈ ৰোগী কঢ়িওৱা এম্বুলেঞ্চে বহু সময় ধৰি চাইৰেন বজাই থকাৰ পিছতো বাট মুকলি কৰি দিয়া নাছিল বিজেপিৰ সমৰ্থকসকলে ৷ এম্বুলেঞ্চৰ ভিতৰত চটফটাই থাকিল ৰোগী ৷ ৰোগী কঢ়িওৱা বাহনখনৰ পথ মুকলি কৰি দিয়াত একপ্ৰকাৰ চুড়ান্ত ব্যৰ্থ হৈছিল মুকালমুৱা আৰক্ষীও ৷ ফলত এম্বুলেঞ্চ দুখনৰ ভিতৰতে প্ৰায় এঘন্টা ধৰি চটফটাই থাকে ৰোগী সহ আত্মীয় ৷ পিছত স্থানীয় একাংশ সাংবাদিকৰ তৎপৰাত পথ মুকলি কৰি দিয়া হয় এম্বুলেঞ্চ দুখনক ৷ সৰ্বসাধৰণ জনতাক হাৰাহাস্তি কৰি ৰাজপথত এনেদৰে ঘন্টাই,ঘন্টাই ৰোগী তথা সাধাৰণ জনতাক বন্দি কৰি ৰখাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰক্ষেত্ৰীত ৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.