ETV Bharat / state

Atul Bora at Pagladia Resort : নলবাৰীৰ পাগলাদিয়া ৰিজৰ্টত কৃষিমন্ত্ৰী অতুল বৰা - নলবাৰীৰ পাগলাদিয়া ৰিজৰ্টত কৃষি মন্ত্ৰী অতুল বৰা

শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম আৰু পাগলাদিয়া ৰিজৰ্ট খুলি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নলবাৰীৰ কেইবাগৰাকী লোকে । উক্ত ৰিজৰ্টত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora at Pagladia Resort)। ৰাজ্যখনৰ কৃষি ব্যৱস্থা সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ ।

Atul Bora at Pagladia Resort
নলবাৰীৰ পাগলাদিয়া ৰিজৰ্টত কৃষিমন্ত্ৰী অতুল বৰা
author img

By

Published : Nov 2, 2022, 5:32 PM IST

নলবাৰী,২ নৱেম্বৰ : শেহতীয়াকৈ অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিলৈ অপেক্ষা কৰি নাথাকি কৃষি কৰ্মত নিয়োজিত হৈছে । কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শনো দাঙি ধৰিবলৈ সক্ষম হৈছে বহু যুৱক-যুৱতীয়ে । অসমত থলুৱা পদ্ধতিৰে কৰা ৰঙালাও, নেমু টেঙা আদিয়ে বিশ্বৰ বিভিন্ন বজাৰো দখল কৰিবলৈ সক্ষম হৈছে ।

নলবাৰীৰ পাগলাদিয়া ৰিজৰ্টত কৃষি মন্ত্ৰী অতুল বৰা

ফলস্বৰূপে বিদেশতো অসমৰ শাক-পাচলিয়ে প্ৰশংসা লাভ কৰিছে । শেহতীয়াকৈ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে নলবাৰীৰ কেইগৰাকীমান নিবনুৱা যুৱকে (Nalbari Youth Self reliant with agriculture)। ৫ৰ পৰা ৬ গৰাকী যুৱকে শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম আৰম্ভ কৰি ৰঙালাওৰ খেতি কৰিছে । প্ৰথম অৱস্থাত সৰুকৈ আৰম্ভ কৰা এই ফাৰ্ম এতিয়া বহল হৈ গৈ আছে । সম্প্ৰতি তেওঁলোকে ৮০ বিঘা মাটিত ৰঙালাওৰ খেতি কৰিছে ।

ইয়াৰ জৰিয়তে তেওঁলোকে যথেষ্ট পৰিমাণে ৰঙালাও উৎপাদন কৰিবলৈ সক্ষম হৈছে । তেওঁলোকৰ ফাৰ্মত উৎপাদিত ৰঙালাও নলবাৰীৰ লগতে অসম বিভিন্ন প্ৰান্তলৈও ৰপ্তানি কৰা হৈছে । ইফালে এই ফাৰ্মখনে পাগলাদিয়া নামেৰে এখন ৰিজৰ্টো শেহতীয়াকৈ আৰম্ভ কৰিছে (Pagladia Resort in Nalbari)। ফাৰ্ম আৰু ৰিজৰ্টখনৰ জৰিয়তে বহু নিবনুৱা যুৱক স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ।

বুধবাৰে এই পাগলাদিয়া ৰিজৰ্টত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা (Atul Bora visits Pagladia Resort)। উক্ত কৃষি ফাৰ্মখনৰ কৃষক আৰু বিষয়ববীয়াসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও ফাৰ্মখনৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে । কৃষি মন্ত্ৰী অতুল বৰাই উল্লেখ কৰা মতে অসমে কৃষি অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ বাবে সংকল্প লৈছে (Atul Bora reaction on Agri farm of Assam)।

কৃষিৰ উৎপাদন, ফচল বৃদ্ধি আদিৰ লক্ষ্যৰে যাতে অসমে অসমৰ উৎপাদিত সামগ্ৰীৰে বহি:ৰাজ্যৰ লগতে বিদেশৰ বজাৰো দখল কৰিব পাৰে তাৰ বাবে অসমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ লগতে কয় যে কৃষকে কৃষিৰ আয় বৃদ্ধি আৰু জিডিপি বৃদ্ধিৰ লগতে এক যুগান্তকাৰী অৰ্থনৈতিক বিপ্লৱৰ জৰিয়তে ৫ খন অগ্ৰণী ৰাজ্যৰ ভিতৰত অসমকো আগবঢ়াই নিব লাগিব ।

উল্লেখ্য যে শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মে ২০১২ চনৰ পৰাই ৰঙালাওৰ খেতিৰ জৰিয়তে অৰ্থনৈতিক ভেটি গঢ়ি তুলিছে । এইবছৰ ৰঙালাও বিক্ৰী কৰি ২০ লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য আগত ৰাখিছে ফাৰ্মখনে ।

লগতে পঢ়ক :Minister Atul Bora at Barpeta: প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.