ETV Bharat / state

নলবাৰীত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ মানৱ শৃংখল - নলবাৰী

নাগৰিকত্ব সংশোধনী আইন, ই আই এ, 2020 বাতিল আৰু অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত উত্তাল প্ৰতিবাদ ছাত্ৰ সন্থাৰ সদস্যসকলৰ ।

নলবাৰীত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ মানৱ শৃংখল

author img

By

Published : Oct 5, 2020, 4:54 PM IST

নলবাৰী, 5 অক্টোবৰ: নলবাৰীত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সদস্যসকলে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

নাগৰিকত্ব সংশোধনী আইন, ই আই এ, 2020 বাতিল আৰু অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সোমাবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই সহস্ৰাধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত ইয়াৰ পিএন চি পথত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ নিপাত যাওঁক, 'কা' আৰু ই আই এ বাতিল কৰক আদি বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। নলবাৰী জিলা ছাত্র সম্পাদক সভাপতি সম্পাদকে ধৰি আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা উপস্থিত থাকে।

লগতে পঢ়ক : পথ মেৰামতিৰ দাবীত নগাঁৱত সাংবাদিকৰ একক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.