নলবাৰী, ২০ ছেপ্টেম্বৰ: নলবাৰী জিলাৰ মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা এখন মঙলবাৰে অনুষ্ঠিত হয় । এই সভাখনত আগন্তুক বৰ্ষৰ বাবে সাম্ভাব্য বাজেট গ্ৰহণ কৰা হয় । উক্ত সভাতেই ঋণৰ উৰ্ধতম সীমা নিৰ্ধাৰণ কৰাৰ লগতে সমবায় সমিতিৰ নতুন কৰ্মচাৰী সেৱা বিধি পাঠ আৰু গ্ৰহণ আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে । সভাত অংশগ্ৰহণ কৰা বক্তাসকলে মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ কাম-কাজ কেনেদৰে আগুৱাই নিব পাৰি সেই বিষয়েও ব্য়াখ্য়া কৰে ।
এই সাধাৰণ সভাখনৰ অন্তত মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ অধীনত কমন ছাৰ্ভিচচেন্টাৰ এটাৰো শুভ উদ্বোধন কৰা হয় । এই কমন ছাৰ্ভিচ চেন্টাৰটোৰ শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ সমবায় সমূহৰ ভাৰপ্ৰাপ্ত সহকাৰী উপ-পঞ্জীয়ক আব্দুল লতিফে । কমন ছাৰ্ভিচ চেন্টাৰটোত মাটিৰ অনলাইন, পান কাৰ্ড, বিভিন্ন চৰকাৰী আচঁনিৰ অনলাইন আদি বিভিন্ন অনলাইনৰ সা-সুবিধা সমূহ সাধাৰণ ৰাইজে অতি কম মূল্যত লাভ কৰিব পাৰে বুলি কয় নলবাৰী জিলাৰ সমবায় সমূহৰ ভাৰপ্ৰাপ্ত সহকাৰী উপ-পঞ্জীয়ক আব্দুল লতিফে ।
প্ৰাইভেট চেন্টাৰ আদিত মাটিৰ অনলাইন, পান কাৰ্ড, বিভিন্ন চৰকাৰী আচঁনিৰ অনলাইন আদি বিভিন্ন কাম কৰিলে বেছি ধন ভৰিব লাগে বুলি উল্লেখ কৰি তেওঁ কমন ছাৰ্ভিচ চেন্টাৰটোৰ জৰিয়তে অঞ্চলটোৰ সাধাৰণ ৰাইজে যথেষ্ট উপকৃত হ'ব বুলি কয় উদ্বোধক আব্দুল লতিফে ।
এই শুভ উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ সভাপতি আব্দুল খৈয়াম আহমেদ, সচিব হবিবুৰ ৰহমান, প্ৰাক্তন সভাপতি চাদুল্লা আলীৰ লগতে সমবায় সমিতিখনৰ সদস্য সকল আৰু স্থানীয় ৰাইজ । বক্তা সকলে মাটিৰ অনলাইন, পান কাৰ্ড, বিভিন্ন চৰকাৰী আচঁনিৰ অনলাইন আদি বিভিন্ন ক্ষেত্ৰত এতিয়াৰে পৰা ৰাইজে কোনো সমস্য়াৰ সন্মুখীন হ'বলগীয়া নহ'ব বুলি কয় ।