ETV Bharat / state

Corruption in PMAY scheme: বৰক্ষেত্ৰীত PMAY আঁচনিত ব্য়াপক অনিয়মৰ অভিযোগ - Allegations of corruption in allocation of PMAY

বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ৬৩নং কালাৰচৰ গাঁও পঞ্চায়তত PMAY আঁচনিত ব্যাপক দুৰ্নীতি । শ্ৰমিকৰ বাবদ হিতাধিকাৰীয়ে লাভ কৰিব লগা ধন মধ্যভোগীয়ে কৰিলে আত্মসাৎ (PMAY scam at Nalbari)। পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়া-কৰ্মচাৰী জড়িত থকাৰ অভিযোগ । দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী ভূক্তভোগীৰ ।

Pradhan Mantri Awas Yojana Scam
নলবাৰীত PMAY আঁচনিত অনিয়ম
author img

By

Published : Mar 28, 2023, 12:29 PM IST

নলবাৰীত PMAY আঁচনিত অনিয়ম

নলবাৰী,২৮ মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰাজ্য়খনৰ প্ৰায়ভাগ জিলাতেই ইখনৰ পাছত সিখনকৈ পঞ্চায়ত দুৰ্নীতিত পোত যোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । এনে অভিযোগ উত্থাপিত হৈ অহাৰ মাজতেই এইবাৰ নলবাৰীত পোহৰলৈ আহিছে তেনে দুৰ্নীতি সংঘটিত হোৱাৰ এক ঘটনা । জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিত প্ৰায়ভাগ পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegations of corruption in allocation of PMAY)। বৰক্ষেত্ৰীৰ প্ৰতিটো প্ৰান্ততে চৰকাৰী আঁচনিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

নলবাৰীৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ইখনৰ পিছত সিখন গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাত পাহাৰসম দুৰ্নীতি সংঘটিত হৈছে । উন্নয়ন খণ্ডটোৰ অধীনৰ পঞ্চায়তত অব্যাহত আছে দুৰ্নীতি । এই সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পিছতো নীৰৱ খণ্ড উন্নয়ন বিষয়া । এইবাৰ উন্নয়ন খণ্ডটোৰ অধীনৰ ৬৩ নং কালাৰচৰ গাঁও পঞ্চায়তত PMAYআঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । পঞ্চায়তখনৰ ৩৫ গৰাকী PMAYৰ হিতাধিকাৰীয়ে শ্ৰমৰ বাবদ পাব লগা ধনখিনি মধ্যভোগীয়ে আত্মসাৎ কৰিছে ।

উল্লেখ্য় যে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰতিগৰাকী হিতাধিকাৰীকে শ্ৰমৰ বাবদ ২১,৭৫৫ টকা প্ৰদান কৰে । কিন্তু এইখন গাঁও পঞ্চায়তৰ দৰিদ্ৰ হিতাধিকাৰী সকলৰ অজ্ঞাতে মধ্যভোগীয়ে অন্য লোকৰ জবকাৰ্ড ব্যৱহাৰ এই ধনখিনি আত্মসাৎ কৰিছে । পঞ্চায়তখনৰ সভানেত্ৰী নাচৰিণ মল্লিক আৰু সচিব আমিৰচান্দ আলীৰ লগতে কৰ্মচাৰীসকলে একাংশ মধ্যভোগীৰ সৈতে মিলি PMAYৰ হিতাধিকাৰী সকলে পাব লগীয়া এই ধনখিনি জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী লোকসকলে । গাঁও পঞ্চায়তখনত সংঘটিত এই দুৰ্নীতিৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে দৰিদ্ৰ হিতাধিকাৰীৰসকলে ।

ইপিনে, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ৫৬ নং মুগদি ৰামপুৰ গাঁও পঞ্চায়ততো এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Pradhan Mantri Awas Yojana Scam)। এই পঞ্চায়তখনৰ PMAYৰ হিতাধিকাৰীয়ে শ্ৰমৰ বাবে পাব লগা ধন মধ্যভোগীয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় ৰাইজে তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক:Protest at Tinsukia: মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত তিনিচুকীয়াত শ‌ শ মহিলাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.