ETV Bharat / state

Foundation day of Raijor Dal: অসমত এজন হিটলাৰৰ জন্ম হ’ল: অখিল গগৈ

author img

By

Published : Jan 8, 2023, 10:33 PM IST

নলবাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা সভাপতি অখিল গগৈৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আৰু ফেঁটী সাপ আখ্যা অখিল গগৈৰ ৷ ভাষণ প্ৰসংগত কংগ্ৰেছ দলকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে অখিল গগৈয়ে ৷

Foundation day of Raijor Dal
অসমত এজন হিটলাৰ জন্ম হ’ল, তেওঁৰ নামেই হ’ল হিমন্ত বিশ্ব শৰ্মা: অখিল গগৈ

নলবাৰী : ৮ জানুৱাৰী: ‘‘বিজেপিৰ দেখুওৱা দাঁত বেলেগ, খোৱা দাঁত বেলেগ । অসমত এজন হিটলাৰৰ জন্ম হ’ল, তেওঁৰ নামেই হ’ল হিমন্ত বিশ্ব শৰ্মা ৷’’ নলবাৰীত এইদৰেই ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে(Akhil Gogoi slams BJP) ৷

উল্লেখ্য যে, দেওবাৰে নলবাৰীৰ বদনী আখিয়াত অনুষ্ঠিত হৈছিল ৰাইজৰ দলৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস(Foundation day of Raijor Dal) ৷ এই অনুষ্ঠানতে ভাষণ প্ৰসংগত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰে অখিল গগৈয়ে(Akhil Gogoi slams Narendra Modi) ৷

অখিল গগৈয়ে কয়, ‘‘নৰেন্দ্ৰ মোডীয়ে ৰাইজক ধৰ্মৰ দোহাই দি দাম বৃদ্ধিৰে লুটি আছে । ৰাইজৰ মাজত হিন্দু মুছলমানৰ ৰাজনীতি কৰি দেশৰ সম্পদ পুঁজিপতিৰ হাতত বিক্ৰী কৰি আছে । নৰেন্দ্ৰ মোডী এজন ধনী মানুহৰ দালাল ৷ বিজেপিয়ে সংবিধান সংশোধন কৰি ভাৰতবৰ্ষক হিন্দু মৌলবাদী ৰাষ্ট্ৰ সজাব বিচাৰি আছে ।’’

দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই ৰাইজৰ মাজত ঘৃণাৰ ৰাজনীতিৰে দৰিদ্ৰ জনতাক দাম বৃদ্ধিৰে কোঙা বিজেপি চৰকাৰে কোঙা কৰি পেলাইছে বুলিও মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ(Raijor Dal President Akhil Gogoi) ৷ কেৱল ইমানেই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যেতিয়া যি মন যায় নিজৰ ইচ্ছা মতে দেশ চলাই হিটলাৰী শাসন চলাই থকা বুলি বাক্যবাণ অখিল গগৈৰ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ভাষণ প্ৰসংগত তীব্ৰ আক্ৰমণ বিধায়ক অখিল গগৈৰ(Akhil gogoi criticized Himanta Biswa Sarma) ৷ হিমন্ত বিশ্ব শৰ্মাকো হিটলাৰ আখ্যা দিয়ে গগৈয়ে ৷ তেওঁ কয়, ‘‘অসমত এজন হিটলাৰৰ জন্ম হ’ল আৰু তেওঁৱেই হৈছে হিমন্ত হিমন্ত বিশ্ব শৰ্মা ৷’’ কেৱল হিটলাৰ আখ্যা দিয়াই নহয়, হিমন্ত বিশ্ব শৰ্মাক ফেঁটী সাপ বুলিও আখ্যা দিয়ে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ।

বিজেপি চৰকাৰৰ সমান্তৰালভাৱে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে(MLA Akhil Gogoi) । কংগ্ৰেছ দলক গাড্ডাৰ আখ্যা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ । ভাষণ প্ৰসংগত অসমৰ আঞ্চলিক দলসমূহক একগোট হোৱাৰ আহ্বান অখিল গগৈৰ(Akhil Gogoi slams congress) ।

লগতে অখিল গগৈয়ে কয়, ‘‘বিগত বিধনসভা নিৰ্বাচনত কংগ্ৰেছৰ লগতো একেলগ হ’ব বিচাৰিছিল ৰাইজৰ দল । ৰাইজৰ দলে কংগ্ৰেছৰ লগত একেলগ হৈ নিৰ্বাচন খেলিবৰ বাবে জেইলৰ ভিতৰৰ পৰাই কংগ্ৰেছৰ সকলো নেতাৰ সৈতে কথা পাতিছিল। কিন্ত কংগ্ৰেছে অখিল গগৈৰ সমৰ্থনক গাড্ডাৰী কৰা বুলি কয় ।’’

লগতে পঢ়ক: APCC holds meeting in Guwahati: প্ৰত্যক্ষ মিত্ৰতা অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.