ETV Bharat / state

নলবাৰীত 'অসম জাতীয় পৰিষদ'ৰ মহিলা শক্তি গঠন

author img

By

Published : Jan 25, 2021, 9:22 PM IST

'অসম জাতীয় পৰিষদ'ৰ নলবাৰী জিলা 'জাতীয় মহিলা শক্তি' আৰু নলবাৰী সমষ্টি 'জাতীয় মহিলা শক্তি' গঠন ৷ পুষ্পলতা দেৱীক সভানেত্ৰী আৰু ৰিধি ডেকা তালুকদাৰক সম্পাদিকা হিচাপে লৈ নলবাৰী জিলা 'জাতীয় মহিলা শক্তি' সমিতিখন গঠন কৰা হয় ৷

AJP Meetiong At Nalbari
নলবাৰীত 'অসম জাতীয় পৰিষদ'ৰ মহিলা শক্তি গঠন

নলবাৰী, 25 জানুৱাৰী : নলবাৰীত নৱ গঠিত আঞ্চলিক দল 'অসম জাতীয় পৰিষদ'ৰ নলবাৰী জিলা 'জাতীয় মহিলা শক্তি' আৰু নলবাৰী সমষ্টি 'জাতীয় মহিলা শক্তি' গঠন ৷ 'অসম জাতীয় পৰিষদ'ৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক তথা নলবাৰী জিলাৰ পৰ্যবেক্ষক দেৱজিৎ অধিকাৰীৰ সভাপতিত্বত মাৰোৱাৰী ধৰমশালাত এখন সভা অনুষ্ঠিত কৰি গঠন কৰা হয় ৷

AJP Meetiong At Nalbari
'অসম জাতীয় পৰিষদ'ৰ সভাৰ দৃশ্য

উক্ত সভাতে জিলাখনৰ শতাধিক পুৰুষ-মহিলাই কংগ্ৰেছ, অগপ আৰু বিজেপিৰ পৰা আহি 'অসম জাতীয় পৰিষদ'ত যোগদান কৰে ৷ সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক অমল ডেকা, তথ্য আৰু প্ৰযুক্তিৰ সম্পাদক দেৱজিৎ চৌধুৰী, তথ্য আৰু প্ৰযুক্তিৰ মুখপাত্ৰ মৃণাল প্ৰীতম বৰুৱা, এজেপিৰ নলবাৰী জিলা মুখ্য আহ্বায়ক নগেন ডেকা, ভূপেন তালুকদাৰ, সুৰেন শৰ্মাই ভাষণ দি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

সভাতে একেলগে পুষ্পলতা দেৱীক সভানেত্ৰী আৰু ৰিধি ডেকা তালুকদাৰক সম্পাদিকা হিচাপে লৈ নলবাৰী জিলা 'জাতীয় মহিলা শক্তি' সমিতিখন গঠন কৰাৰ লগতে ৰুমী দেৱী সভানেত্ৰী আৰু ৰুমী কলিতা, দিপ্তী ডেকা আৰু বিজুমনি ডেকাক সম্পাদিকা হিচাপে লৈ নলবাৰী সমষ্টি 'জাতীয় মহিলা শক্তি' সমিতি দুখন গঠন কৰা হয় ৷

লগতে পঢ়ক : বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে : ৰঞ্জিত বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.