নলবাৰী,5 নৱেম্বৰ: বিগত কিছুদিনৰ পৰা খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক ৷ প্ৰায় আকাশলংঘী হৈ পৰা পাচলিৰ দামৰ ফলত সাধাৰণ জনতাই ক্ৰয় কৰিব নোৱাৰা অৱস্থা সৃষ্টি হৈছে ৷ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বাৰম্বাৰ চৰকাৰক এই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আহ্বান জনাই আহিছে যদিও ব্যৰ্থ হোৱা দেখা গৈছে ৰাজ্য চৰকাৰৰ যোগান বিভাগ ৷ এই মূল্য বৃদ্ধি ৰোধৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি আমছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নলবাৰীতো সংগঠনটোৰ কৰ্মকৰ্তাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ কৰ্মকৰ্তাসকলে কয় যে, ইতিমধ্যে দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত বহুসংখ্যক লোকৰ জীৱিকাৰ পথ বন্ধ হৈছে ৷ তেনেক্ষেত্ৰত যোগান বিভাগে এই মূল্য বৃদ্ধি ৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বহু পৰিয়ালে অনাহাৰত দিন কটাবলগীয়া হ’ব ৷
চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়া চাউল যোগান ধৰিছে যদিও পাচলিৰ মূল্য ৰোধ কৰিব পৰা নাই ৷ সেয়ে সম্প্ৰতি চৰকাৰৰ শ্লোগান সবকা সাথ, সবকা বিকাশ এতিয়া মাত্ৰ শ্লোগানতে সীমাবদ্ধ হৈ পৰাৰ আংশকা প্ৰকাশ কৰা হৈছে ৷
লগত চাওকঃ সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন