ETV Bharat / state

প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজা; ৰাম কলগছক পূজন দেৱীৰূপে

author img

By

Published : Oct 10, 2021, 7:48 PM IST

আধুনিকতাৰ পৰশ নপৰা প্ৰায় 520 বছৰ পুৰণি এখন বিশেষ পূজা, য’ত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে ৰাম কলগছক দেৱী সজাই 9 বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হয় নৱপত্ৰিকা ৷ ক’ত আছে এই বিশেষ পূজাখন আৰু ইয়াৰ মহত্ব কি, জানিবলৈ সবিশেষ পঢ়ক...

a-520-years-old-puja-of-barnaddi-that-practiced-human-sacrifice-to-worship-durga
ঐতিহাসিক দুৰ্গা পূজা

নলবাৰী, 10 অক্টোবৰ : নলবাৰী জিলাৰ বৰনৰ্দী দুৰ্গা মন্দিৰৰ প্ৰায় 520 বছৰ পুৰণি দুৰ্গা পূজাভাগৰ আছে এক বিশেষত্ব ৷ ইয়াত নাই কোনো জাক-জমকতা, নাই কোনো আধুনিকতাৰ পৰশ ৷ আন বহু দুৰ্গা পূজাৰ দৰে ইয়াত আপুনি দেখা নাপায় ভিন্ন কাৰুকাৰ্যৰে খচিত দুৰ্গা প্ৰতিমা ৷ কাৰণ এই মন্দিৰত দুৰ্গা দেবীৰ প্ৰতিমাক পূজা কৰা নহয় ৷ ইয়াত পূজা কৰা হয় এজোপা ৰাম কলগছক ৷

প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজা

পৰম্পৰা অনুসৰি ৰাম কলগছক দেৱী সজাই ন-বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হয় নৱপত্ৰিকা ৷ কলগছ, যুৰীয়া বেল, ডালিম, অশোক, জয়ন্তী, ক’লা কচু, মানকচু, হালধি আৰু ধানৰে সৈতে সজা হয় দেৱীৰূপী নৱপত্ৰিকা ৷ এই পূজাত নাই কোনো চান্দা-বৰঙণি তোলাৰ ব্যৱস্থা৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আগবঢ়োৱা দান-বৰঙণিৰে কৰা হয় বছৰেকীয়া পূজাভাগ৷

প্ৰবাদ অনুসৰি, কেইবাশ বছৰ পূৰ্বে এই গাঁৱলৈ আহিছিল কণৌজৰ ক্ষত্ৰীয় বংশৰ নীলকণ্ঠ ভূঞা ৷ ভূঞাই বৰপেটা জিলাৰ মাজেৰে আহি উপস্থিত হৈছিল নলবাৰীৰ বৰনৰ্দী গাঁৱত ৷ আহোম স্বৰ্গদেৱে নীলকণ্ঠ ভূঞাক "ৰায়বৰুৱা" উপাধি প্ৰদান কৰি উক্ত গাঁৱতে স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল ৷ পৰৱৰ্তী সময়ত নীলকণ্ঠ ৰায়বৰুৱাৰ উত্তৰসূৰী শৈলকণ্ঠই গাঁৱত অনুষ্ঠিত দুৰ্গা পূজাখনিক অনন্য মাত্ৰা প্ৰদান কৰে ৷

নিজৰ শক্তি, সামৰ্থ বৃদ্ধিৰ অৰ্থে শৈলকণ্ঠই গোপনে দুৰ্গা পূজাৰ মহানৱমীৰ দিনটোত নৰবলি দিয়াৰ কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহে ৷ আহোম ৰজাই ইয়াৰ সম্ভেদ লাভ কৰি কটকী পঠিয়াই শৈলকণ্ঠক ধৰিবলৈ ৷ কিন্তু এই খবৰ লাভ কৰি সগৰ্ভা পত্নীসহ শৈলকণ্ঠ পলাই গৈ কাপলা বিলত আত্মজাহ দিয়ে বুলি মানুহৰ মুখে মুখে চলি আহিছে ৷ পৰৱৰ্তী সময়ত নৰ বলি দি দুৰ্গা পূজা কৰাৰ বাবে গাঁৱখনৰ নাম নৰ্দী হয় ৷ ইয়াৰ মাজেৰে এখন ডাঙৰ নৈ বৈ যোৱাৰ বাবে বৰনৰ্দীলৈ পৰ্যবসিত হৈ পৰে ৷

পূৰ্বে নৰবলি দিয়াৰ বাবেই ৰজাৰ ৰোষত পৰা এই পূজাত সম্প্ৰতি দিয়া নহয় কোনো বলি-বিধান ৷ তাৰ পৰিৱৰ্তে ম’হ, হাঁহ, পাৰ, ছাগলী আদি মুকলি আকাশৰ তলত এৰি বিশ্ব শান্তিৰ কামনা কৰা হয় ৷ বৰনৰ্দীৰ পূজাভাগ আনতকৈ কিছু পৃথক বাবেই সদায়ে হৈ আহিছে ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰথলী ৷ এইবেলিও সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা হ’ব নলবাৰী জিলাৰ এই 521 বছৰীয়া দুৰ্গা পূজাখনি ৷

লগতে পঢ়ক : দুৰ্গোৎসৱ উপলক্ষে নগাঁৱত আৰক্ষীৰ বিশাল পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.