ETV Bharat / state

সেউজ নগাঁৱৰ উদ্যোগত 'যোগ দিৱস' উদযাপন - নগাঁও ছোৱালী মহাবিদ্যালয়

নগাঁৱত উদযাপন কৰা হয় 'যোগ দিৱস' ৷ সেউজ নগাঁও, নগাঁও ছোৱালী মহাবিদ্যালয়, মহাবিদ্যালয় NSS গোট, মহাবিদ্যালয় IQAQ গোট আৰু যোগ শাখাৰ সহযোগত নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্টুপীয়াকৈ উদযাপন কৰে এই 'যোগ দিৱস' ।

yoga-day-in-nagaon-on-green-nagaon-initiative
সেউজ নগাঁৱৰ উদ্যোগত 'যোগ দিৱস' উদযাপন
author img

By

Published : Jun 21, 2021, 2:36 PM IST

নগাওঁ, 21 জুন : যোগ শব্দটো আহিছে সংস্কৃত শব্দ যুগৰ পৰা যাৰ অৰ্থ হ'ল সংযুক্ত কৰা বা একত্ৰিত কৰা ৷ 'যোগ' সুস্থভাৱে জীয়াই থকাৰ এটি কলা য’ত দেহ, মন, মানুহ আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰা হয় ৷ ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' পালনৰ বাবে ২১ জুন দিনটো ঘোষণা কৰিছিল ৷

সেই উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হয় পঞ্চম সংখ্যক যোগ দিৱস । উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত ৰাইজ ওলাই আহি অংশগ্ৰহণ কৰিলে যোগ শিবিৰত ৷ ৰাজ্যখনৰ সমান্তৰালকৈ সোমবাৰে সমগ্ৰ বিশ্বৰ লগতে নগাঁৱতো উদযাপন কৰা হয় 'যোগ দিৱস' । সেউজ নগাঁও, নগাঁও ছোৱালী মহাবিদ্যালয়, মহাবিদ্যালয় NSS গোট, মহাবিদ্যালয় IQAQ গোট আৰু যোগ শাখাৰ সহযোগত নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্টুপীয়াকৈ উদযাপন কৰে এই 'যোগ দিৱস' ।

সেউজ নগাঁৱৰ উদ্যোগত 'যোগ দিৱস' উদযাপন

ক’ভিড ১৯ ৰ মহামাৰীৰ সময়ত 'যোগ'ৰ প্ৰয়োজনীয়তাৰ প্ৰতি জনসাধাৰণক অৱগত কৰাটোৱেই 'যোগ' দিৱসৰ দিনটোৰ বিশেষ তাৎপৰ্য বুলি বিবেচিত হৈছে । ক’ভিডৰ সময়ত যোগাসন কৰি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আহ্বান জনাই নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ অমিয়া পাটৰে । লগতে ক’ভিডৰ ভয়াবহতাৰ মাজত বিনা কাৰণত ঘৰৰ বাহিৰলৈ ওলাই নাযাবলৈ আহ্বান জনায় অধ্যাপিকা গৰাকীয়ে । আনহাতে সেউজ নগাঁৱৰ সদস্যই ক’ভিডৰ সময়ত সকলোকে যোগাসনৰ জৰিয়তে স্বাস্থ্য সুস্থ ৰাখিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক : কোন দিশে নলবাৰীৰ ঢুলীয়া শিল্পীৰ জীৱন পৰিক্ৰমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.