ETV Bharat / state

নগাঁৱৰ চামগুৰিত বনৰীয়া হাতীৰ তাণ্ডব অব্যাহত - তহিলং

নগাঁও জিলাত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ তাণ্ডব ৷ কৃষকৰ পকিবলৈ ধৰা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীয়ে ৷ বন বিভাগক অৱগত কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

wild-elephant-attack-in-nagaon
নগাঁৱত বনৰীয়া হাতীৰ তাণ্ডব অব্যাহত
author img

By

Published : Dec 6, 2020, 3:56 PM IST

নগাঁও, 6 ডিচেম্বৰ : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজৰ ঘৰ-বাৰী তহিলং কৰাৰ লগতে কৃষকৰ খেতি পথাৰত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷

ৰাজ্যৰ অন্য় প্ৰান্তৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালি, আদৰ্শ গাঁও আদি ঠাইতো দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ অব্যাহত আছে । চামগুৰিৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি দিনে নিশাই বিচৰণ কৰি আছে এটা বৃহৎ বন্যহস্তীৰ জাক ৷ বিঘাই বিঘাই পকিবলৈ ধৰা ধান খায় তহিলং কৰিছে বন্যহস্তীয়ে । যাৰ বাবে ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷

স্থানীয় ৰাইজৰ মন্তব্য

ইফালে, অঞ্চলবাসী ৰাইজে শালনা খণ্ড বন বিভাগক সমগ্ৰ ঘটনা অৱগত কৰিছিল যদিও বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ প্ৰদান কৰিছে ৷ বন বিভাগৰ অধীনৰ বন কৰ্মীয়ে নিশা হলে হাতী খেদিবলৈ আহে যদিও হাতীৰ পিছে পিছে দুটামান ফটকা ফুটাই দায়িত্ব সামৰাৰ অভিযোগ তুলিছে ।

লগতে পঢ়ক : অসমত সোমাইছে বহু ৰোহিংগীয়া মুছলমান : শিৱনাথ শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.