ETV Bharat / state

জ্যেষ্ঠ নাগৰিকৰ মনোবল বৃদ্ধিৰ উদ্দেশ্য ৪৫০ কি.মি. পদযাত্ৰা বিপিন খনিকৰৰ - পদযাত্ৰাৰ অন্তত নিজ গৃহত উপস্থিত বিপিন খনিকৰ

প্ৰৱীণ খেলুৱৈ তথা এগৰাকী জ্যেষ্ঠ নাগৰিকৰ অসাধ্য সাধন ৷ ৪৫০ কিলোমিটাৰ খোজকাঢ়ি কোচবিহাৰৰ মধুপুৰ সত্ৰত উপস্থিত হৈ পুনৰ নিজ গৃহত উপস্থিত হ’লহি কলিয়াবৰৰ ৭৩ বছৰীয়া এজন প্ৰৱীণ খেলুৱৈৰ তথা জ্যেষ্ঠ নাগৰিক ।

Veteran player Completed 450 KM on Foot
২৬ দিনীয়া পদযাত্ৰাৰ অন্তত নিজ গৃহত উপস্থিত বিপিন খনিকৰ
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 4:58 PM IST

২৬ দিনীয়া পদযাত্ৰাৰ অন্তত নিজ গৃহত উপস্থিত বিপিন খনিকৰ

কলিয়াবৰ, ১৪ ডিচেম্বৰ : বয়স বাঢ়ি অহাৰ লগে-লগে প্ৰায় সকলো ব্যক্তিয়ে শাৰীৰিক আৰু মানসিকভাৱে নিশকতীয়া অনুভৱ কৰে । এই মনোভাৱৰ বিপৰীতে কলিয়াবৰৰ এগৰাকী বৰ্ষীয়ান ব্যক্তিয়ে গ্ৰহণ কৰা দৃঢ় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বৰ্ষীয়ান ব্যক্তিসকলৰ স্বাস্থ্য সজাগতা আৰু মনোবল বৃদ্ধিৰ লক্ষ্যৰে ২৬ দিনীয়া পদযাত্ৰা কৰি কলিয়াবৰৰ নিজ গৃহত উপস্থিত হয় ৭৩ বছৰীয়া প্ৰৱীণ খেলুৱৈগৰাকী ৷ নাম বিপিন খনিকৰ ৷

তথ্য অনুসৰি, যোৱা ১৬ নৱেম্বৰত পবিত্ৰ বৰদোৱা থানৰ পৰা কলিয়াবৰৰ বিপিন চন্দ্ৰ খনিকৰে খোজকাঢ়ি যাত্ৰা কৰিছিল কোচবিহাৰৰ শ্ৰীশ্ৰীমধুপুৰ সত্ৰলৈ । জ্যেষ্ঠ নাগৰিকসকলৰ মনোবল বৃদ্ধি আৰু স্বাস্থ্য ৰক্ষাৰ বাবে আৰম্ভ কৰিছিল এই যাত্ৰা । ২৬ দিন খোজকাঢ়ি সুদীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি যোৱা ১১ ডিচেম্বৰত উপস্থিত হয়গৈ শ্ৰীশ্ৰীমধুপুৰ সত্ৰত ।

তাৰ পাচত শ্ৰীশ্ৰীমধুপুৰ সত্ৰত পুৱা উপস্থিত হৈ সত্ৰাধিকাৰ আৰু সত্ৰৰ আৰ্শীবাদ গ্ৰহণ কৰে । এই সময়ছোৱাত প্ৰতিদিনে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে প্ৰায় ৩০ কিলোমিটাৰ খোজ কাঢ়িছিল জ্যেষ্ঠ নাগৰিকজনে ।

উল্লেখ যে, ২০১০ চনত কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা বিপিন চন্দ্ৰ খনিকৰ এজন প্ৰৱীণ খেলুৱৈও । ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰাৰ লগতে ইতিপূৰ্বে ধলা-শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেতুও খোজকাঢ়ি পাৰ হৈছিল ।

২৬ দিনীয়া পদযাত্ৰাৰ অন্তত বুধবাৰে নিজ গৃহত উপস্থিত হয়হি বিপিন চন্দ্ৰ খনিকৰ নামৰ জ্যেষ্ঠ নাগৰিকজন । পৰিয়ালৰ লগতে গাঁওবাসীয়ে পদুলিৰ পৰা স্ব-গৃহলৈ ধূপ-ধূনা জ্বলাই আদৰি নিয়ে জ্যেষ্ঠ নাগৰিক বিপিন চন্দ্ৰ খনিকৰক ।

লগতে পঢ়ক : শিলাবৃষ্টিৰ ফলত আমগুৰিত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু এগৰাকী মহিলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.