ETV Bharat / state

সম্পূৰ্ণ দুটা বছৰঃ আজিও ন্যায়ৰ অপেক্ষাত দুই পৰিয়াল - নগাঁও

নগাঁও আদালতত অভি-নীল হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্তৰ বাবে অধিবক্তাই দাখিল কৰিছে জামিন আবেদন। মঙলবাৰে আদালতে জামিনৰ বাবে পুনৰ শুনানিৰ দিন ধার্য কৰে ।

Abhi Neel murder case
অভি-নীল
author img

By

Published : Jun 9, 2020, 8:23 PM IST

নগাঁও, 9 জুনঃ সোমবাৰে দুবছৰ সম্পূৰ্ণ হ'ল ডকমকা অভি-নীল হত্যাকাণ্ডৰ ৷ পুত্ৰদ্বয়ক ন্যায় প্ৰদানৰ আশাত মহামান্য আদালতে প্ৰদান কৰা প্ৰতিটো তাৰিখতে নগাঁও সত্ৰ আদালতত উপস্থিত হৈছে দুই দুৰ্ভগীয়া পিতৃ ৷ কিন্তু সোমবাৰে ন্যায়ৰ বিপৰীতে আহিল এক উদ্বেগজনক খবৰ ৷ দুটা বছৰ অতিক্ৰম কৰাৰ পাছত এতিয়া শেহতীয়াকৈ পৰিস্থিতিৰ সুৰুঙা লৈ অভিযুক্তৰ জামিনৰ বাবে তৎপৰ হৈ পৰিছে অভিযুক্ত পক্ষৰ অধিবক্তা।

আজিও ন্যায়ৰ অপেক্ষাত দুই পৰিয়াল

ইতিমধ্যে নগাঁও আদালতত আটাইকেইজন অভিযুক্তৰ বাবে অধিবক্তাই দাখিল কৰিছে জামিন আবেদন। মঙলবাৰে আদালতে জামিনৰ বাবে পুনৰ শুনানিৰ দিন ধার্য কৰে । আনহাতে,আজিও অভি-নীলৰ মৰণকাতৰ চিৎকাৰ পাহৰা নাই ন্যায়ৰ আশাত বন্দী দুই পৰিয়ালে ৷ ইতিপূৰ্বে হৈ যোৱা শুনানিত কেইবাজনো সাক্ষীয়ে ভাষ্য সলনি কৰাক লৈয়ো চিন্তিত নিলোৎপল,অভিজিতৰ পৰিয়াল । তৎসত্বেও ন্যায় ব্যৱস্থাৰ ওপৰত আশ্বাস হেৰুৱা নাই অভি-নীলৰ পিতৃদ্বয়ে ৷

লগতে পঢ়কঃ ক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.