ETV Bharat / state

নগাঁৱৰ জি ডি হস্পিতালত দুজন চিকিৎসাকৰ্মীৰ দেহত কোভিড পিজিটিভ - জি ডি হস্পিতালত দুজন চিকিৎসাকৰ্মীৰ দেহত কোভিড

নগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জি ডি হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰ কৰ্মৰত দুজনকৈ চিকিৎসাকৰ্মীৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ ৷ এই ঘটনা বিয়পি পৰাৰ লগে লগে চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰা আন ৰোগী সকলৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশ ৷

Two more covid-19 cases found in GD hospital of Nagaon
নগাঁৱৰ জি ডি হস্পিতালত দুজন চিকিৎসাকৰ্মীৰ দেহত কোভিড পিজিটিভ
author img

By

Published : Jun 27, 2020, 9:44 PM IST

নগাঁও, 27 জুন: ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ আন সমূহ জিলাৰ সমান্তৰালকৈ নগাঁও জিলাতো বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ শনিবাৰে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জি ডি হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰ কৰ্মৰত দুজনকৈ চিকিৎসাকৰ্মীৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ ৷ এই ঘটনা বিয়পি পৰাৰ লগে লগে চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰা আন ৰোগী সকলৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশ ৷ শনিবাৰে চিকিৎসালয়খনৰ চিকিৎসক কৰণ কুমাৰ দলে আৰু মৃদুস্মিতা দাস নামৰ এগৰাকী নাৰ্ছৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৷

নগাঁৱৰ জি ডি হস্পিতালত দুজন চিকিৎসাকৰ্মীৰ দেহত কোভিড পিজিটিভ

উল্লেখ্য যে, কিছুদিন পূৰ্বে জি ডি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা অৱস্থাত কংকন মুদৈ নামৰ এজনৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ ৷ তাৰ পাছতে কোভিড পৰীক্ষাৰ বাবে চিকিৎসালয়খনৰ চিকিৎসক, চিকিৎসা কৰ্মী সকলৰ নমুনা সংগ্ৰহ কৰিছিল নগাওঁ স্বাস্থ্য বিভাগে ৷ ব্যক্তিগত চিকিৎসালয়খনৰ ৰোগীৰ দেহত কোভিড পজিটিভ পজিটিভ নিশ্চিত হোৱাক লৈ আতংক অব্যাহত থকাৰ সময়তে শনিবাৰে চিকিৎসালয় খনৰ দুগৰাকীকৈ চিকিৎসাকৰ্মীৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ ৷ ইতিমধ্যে জি ডি হাস্পতালখনক সম্পূৰ্ণৰূপে কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে ৷

লগতে পঢ়কঃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.