বঢ়মপুৰ, 31 মে’: নগাঁও জিলাৰ কামপুৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা । দেওবাৰে কামপুৰৰ হাৰিয়া আৰু বৰপানী নৈৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যু ঘটে দুটি শিশুৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, হাৰিয়া নৈৰ বাঢ়নী পানীত উটি যোৱা এটি হাঁহ ধৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয় ৰূপজ্যোতি লস্কৰ নামৰ শিশুটিয়ে ।
আনহাতে, কচুৱাৰ গেৰজাইপামতো পানীত পৰি মৃত্যু ঘটে মহম্মদ ওমৰ নামৰ এটি শিশুৰ । বৰ্তমান দুয়োটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, দুদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে অঞ্চলটোত ৰাতুল ডেকা নামৰ এজন ব্যক্তিয়ে বাঢ়নী পানীৰ সোঁতত পৰি মৃত্যুক আঁকোৱালি লৈছিল ৷
লগতে চাওকঃ বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল