নগাঁও, 7 নৱেম্বৰ : নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীয়ে শনিবাৰে নিশা চলায় এক বিশেষ অভিযান । এইবাৰ তীৰ বেপাৰীৰ বিৰুদ্ধে অভিযান চলালে হয়বৰগাঁও আৰক্ষীয়ে । হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ গৰৈমাৰী আৰু নাৰামাৰী অঞ্চলত অভিযান চলায় তিনিজনকৈ তীৰ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় ।
দীর্ঘদিন ধৰি বৃহত্তৰ অঞ্চলত তীৰৰ বেহা চলাই অহা তিনি তীৰ মাফিয়াক আটক কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে হয়বৰগাঁও আৰক্ষীয়ে । ওৰে নিশা চলোৱা অভিযানত গৰৈমাৰীৰ আব্দুৰ কাদিৰ, আব্দুৰ ৰহমান, নাৰামাৰীৰ ছাদিকুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে । অভিযানত আৰক্ষীৰ দলটোৱে নগদ ৩২ হাজাৰ টকা জব্দ কৰিবলৈও সক্ষম হয় ।
আটক কৰা তিনি তীৰ বেপাৰীক জেৰা কৰাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দুই লাখ টকাৰ উৎকোচৰ অফাৰ নেওচি বহিঃ ৰাজ্যৰ দুই মোবাইল চোৰক গ্ৰেপ্তাৰ কৰি আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল আৰক্ষী বিষয়া তৰংগ পাটোৱাৰী ৷ সম্প্ৰতি, অপৰাধীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে এইগৰাকী আৰক্ষী বিষয়া ।
লগতে পঢ়ক : কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা