ETV Bharat / state

সুদক্ষভাৱে চলিছে ৰাজ্যৰ প্ৰশাসন: মন্ত্ৰী কেশৱ মহন্ত - State administration has run efficiently

বিৰোধীয়ে সমালোচনা কৰিলেও সুদক্ষভাৱে চলিছে ৰাজ্যৰ প্ৰশাসন(State administration has run efficiently) । দৰিদ্ৰ পৰিয়ালৰ গৃহ নিৰ্মাণত দুৰ্নীতি হলে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা । ৰাজ্য চৰকাৰক প্ৰশংসাৰে ওপচাই নগাঁৱত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য(Minister Keshab Mahanta in Nagaon) ।

minister keshav mahanta participated in prime minister virtual interaction in nagaon
সুদক্ষভাৱে চলিছে ৰাজ্যৰ প্ৰশাসন: মন্ত্ৰী কেশৱ মহন্তৰ
author img

By

Published : May 31, 2022, 8:10 PM IST

নগাঁও,৩১ মে': আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হিতাধিকাৰীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল বাৰ্তালাপ অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গৰীৱ কল্যাণ সন্মিলন । মঙলবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰধান মন্ত্ৰী জনকল্যাণ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় আৰু প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ(Pm Kisan Samman Nidhi) অধীনত ১০ কোটিৰো অধিক কৃষকলৈ ২১,০০০ কোটি টকাৰ ১১ তম কিস্তি হস্তান্তৰকৰণ কৰা হয় ।

সুদক্ষভাৱে চলিছে ৰাজ্যৰ প্ৰশাসন: মন্ত্ৰী কেশৱ মহন্তৰ

এই কাৰ্য্যসূচীত নগাঁও জিলা পুথিভঁৰালৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Minister Keshab Mahanta in Nagaon), নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁৱৰ জিলা উপায়ুক্ত নিসৰ্গ হিবৰেৰ লগতে বিভিন্ন পঞ্চায়ত সভাপতি আৰু হিতাধীকাৰী সকলে । দৰিদ্ৰ হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰা গৃহ আবন্টন আৰু নিৰ্মাণৰ নামত কোনো দুৰ্নীতি সংঘটিত হলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে মন্ত্ৰী কেশৱ মহন্তই। লগতে চৰকাৰী আঁচনিৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰি থকা বুলিও উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

সন্মিলনৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী মহন্তই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য় কৰা পৰিলক্ষিত হয় । আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি অপৰাধীৰ মৃত্যু হোৱা ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী ৰাজনৈতিক দল । এই সন্দৰ্ভতো মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । তেঁও কয় যে বৰ্তমান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সুদক্ষভাৱে চলিছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা(State administration has run efficiently) । সমালোচনা কৰি বিৰোধীৰ ভূমিকা পালন কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে ।

লগতে পঢ়ক: প্ৰতীক হাজেলাৰ বিপদ ঘনীভূতঃ চি আই ডিয়ে বিচাৰিছে তদন্তৰ অনুমতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.