ৰহা, 17 এপ্ৰিল : লক ডাউনৰ মাজতে হেঁপাহৰ ৰঙালী বিহুটি ধৰি ৰখাৰ প্ৰয়াস কৰিছে ৰহাৰ এজাক কণমানিয়ে। শুকুৰবাৰে পুৱাৰ ভাগতে ৰহাৰ টোপাকুছিৰ কণমানিহঁতে ৰাজপথলৈ ওলাই আহি ঢোল-পেঁপা বজাই ৰজনজনাই তুলিলে ৰহাৰ চৌপাশ ।
বিহুপ সাজ-পাৰ পিন্ধি সাজি কাচি ওলাই আহি বিহুৱাৰ লগত সহযোগ কৰিলে আৰু সামাজিক দুৰত্ব বজাই ৰাখি বিহু উদযাপন কৰিছে কণমানিহঁতে । তাৰোপৰি কণমানি কেইটিয়ে ঢোল-পেঁপা বজাই কোভিড-19ক লৈ নিষ্প্ৰভ হৈ পৰা মানুহৰ মনত সতেজতা অনাৰো প্ৰয়াস কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : কলিয়াবৰত কপিকূলক খাদ্য বিতৰণ দুই যুৱকৰ