ETV Bharat / state

নগাঁৱৰ শৃঙ্গাৰাপট্টিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

author img

By

Published : Sep 15, 2020, 3:52 PM IST

ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা অংশ বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ বাবে উক্ত স্থানত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

Road blocked at Nagaon due to an accident
নগাঁৱৰ শৃঙ্গাৰাপট্টিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

বঢ়মপুৰ, 15 ছেপ্তেম্বৰ: পথৰ দুৰৱস্থা আৰু ইয়াৰ ফলত সঘনে সংঘটিত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি নগাঁৱৰ শৃঙ্গাৰাপট্টিত 36 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ ৷ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত থকা নগাঁৱৰ শৃঙ্গাৰাপট্টিৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ বাবে উক্ত স্থানত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷ সোমবাৰে উক্ত স্থানত দুৰ্ঘটনাত পতিত হৈ এজন লোকৰ মৃত্যু হোৱাৰ পাছত মঙলবাৰে পুনৰ একে স্থানতে এক দুৰ্ঘটনা সংঘটিত হোৱাত উত্তেজিত ৰাইজে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথটো ৷ যাৰ বাবে পথৰ দুয়োপাৰে আবদ্ধ হৈ পৰে বহু যান বাহন ৷

উক্ত পথৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হোজাইলৈ ৰাওনা হোৱাৰ পূৰ্বে এনে পৰিৱেশৰ সৃষ্টি হোৱাত স্বাভাৱিকতেই অস্বস্তিত পৰে জিলা প্ৰশাসন ৷ অৱশেষত ঘটনাস্থলীত নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ শীঘ্ৰে পথচোৱা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতহে পথ মুকলি কৰি দিয়ে ক্ষোভিত ৰাইজে ৷ উল্লেখ্য যে,নগাঁৱৰ ডৱকাত 36নং ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰে টোলগেট বহুৱাই গাড়ীৰ পৰা টোল সংগ্ৰহ কৰিছে যদিও পথ নিৰ্মাণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷

লগতে পঢ়কঃ কৰিমগঞ্জত অৰুণোদয় আঁচনিৰ নামত কেলেংকাৰী সংঘটিতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.