নগাঁও,2 এপ্ৰিল : নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে সমগ্ৰ ৰাজ্যত চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি । অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী । তাৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে নগাঁৱৰ ডেকা-গাভৰুসকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত ।
বিগত বৰ্ষত ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিহু উদযাপনৰ পৰা বিৰত আছিল অসমবাসী । কিন্তু এইবেলি দুগুণ উৎসাহেৰে বাপতিসাহোন বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া । যাৰ বাবে সীমাহীন ব্যস্ততা সকলোৰে মাজত ।
ধিঙৰ আঠগাঁও মজলীয়া বিদ্যালয়ৰ চৌহদত দেখিবলৈ পোৱা গৈছে এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ তত্বাৱধানত ডেকা-গাভৰুসকলৰ বিহুৰ আখৰা । ইফালে, যুৱতীসকলক কান্ধত ঢোল লৈ বিহু আখৰা কৰা এক ব্যতিক্ৰমী ৰূপ দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক : মৰাণত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিচ্ছবি দাহ