ETV Bharat / state

কলিয়াবৰত গৰাখহনীয়া পৰিদৰ্শন ৰকিবুল হুছেইনৰ

নিজ সমষ্টিতে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে কেনেকৈ ৰাজ্যৰ আন অঞ্চলৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে ৷ ইপিনে বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজক ন্যুনতম সুবিধাখিনিও নিদিয়াৰ অভিযোগ তুলি চৰকাৰৰ পৰা ৰাইজে তিতা-কেঁহা খোৱা বুলিহে কটাক্ষ কৰে ৷

Rakibul Hussain Inspected Erosion Affected Area
কলিয়াবৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ
author img

By

Published : May 29, 2020, 12:50 PM IST

কলিয়াবৰ, 29মে': বৃহস্পতিবাৰে কলিয়াবৰৰ বৰঘূলীৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চলত উপস্থিত হয় চামগুৰি সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীক ক্ষুৰধাৰ সমোলোচনা কৰে বিধায়ক ৰকিবুল হুছেইনে ৷ নিজ সমষ্টিতে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে কেনেকৈ ৰাজ্যৰ আন অঞ্চলৰ খহনীয়া নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে ৷

কলিয়াবৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ

ইপিনে বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজক ন্যুনতম সুবিধাখিনিও নিদিয়াৰ অভিযোগ তুলি চৰকাৰৰ পৰা ৰাইজে তিতা-কেঁহা খোৱা বুলিহে কটাক্ষ কৰে ৷ চৰকাৰখনৰ কোনো পৰিকল্পনা নথকাৰ বাবেই তথা বিভাগীয় মন্ত্ৰীগৰাকীৰ অকৰ্মণ‍্যতাৰ বাবে ৰাইজে গৰাখহনীয়াৰ কৱলত পৰা বুলিও অভিযোগ কৰে বিৰোধী দলৰ উপ দলপতি তথা বিধায়ক ৰকিবুল হুছেইনে ৷

লগতে পঢ়কঃবিটিচিত হ'ব জনতাৰ দৰবাৰঃ ৰাজ্যপাল জগদীশ মুখী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.