ETV Bharat / state

উপ-নিৰ্বাচনক লৈ ৰুদ্ধদ্বাৰ বৈঠক অখিল-ৰকিবুলৰ - শ্বেৰমান আলী

শনিবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ মাজত অনুষ্ঠিত হয় এক ৰুদ্ধদ্বাৰ বৈঠক । প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনিস্থিত গৃহত অনুস্থিত হৈছিল এই বৈঠক ৷

Raijor dol and Congress meet over by election
উপ-নিৰ্বাচনক লৈ ৰুদ্ধদ্বাৰ বৈঠক অখিল-ৰকিবুলৰ
author img

By

Published : Oct 2, 2021, 9:44 PM IST

চামগুৰি, 2 অক্টোবৰ : ছয় সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবে শনিবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ মাজত অনুষ্ঠিত হয় এক ৰুদ্ধদ্বাৰ বৈঠক । প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনিস্থিত গৃহত অনুস্থিত বৈঠকৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত বিজেপিক অসমৰ প্ৰধান শত্ৰু বুলি উল্লেখ কৰে ।

এই দলটোক পৰাভূত কৰিবলৈ বিৰোধী সকলো একগোট হ'ব লাগিব বুলি মন্তব্য কৰে অখিল গগৈয়ে । লগতে অখিল গগৈয়ে কয়, শ্বেৰমান আলী বিজেপিৰ তথা হিমন্ত বিশ্বৰ এজেন্ট । কংগ্ৰেছে শ্বেৰমানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'ব লাগে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিব লাগে বুলি মন্তব্য কৰি বিজেপিক আওপকীয়াকৈ সহায় কৰিলে । এইবাৰো উপ-নিৰ্বাচনৰ আগে আগে অসমৰ শ্বহীদ সকলক ঘাটক বুলি কৈ উপ-নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ গৈ আছে ।

উপ-নিৰ্বাচনক লৈ ৰুদ্ধদ্বাৰ বৈঠক অখিল-ৰকিবুলৰ

লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত নলবাৰীত গান্ধী জয়ন্তী উদযাপন

কংগ্ৰেছৰ মাজত সোমাই থকা বিজেপিৰ এনে এজেন্ট সমূহক কংগ্ৰেছে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ব্যৱস্থা ল'বৰ বাবে ৰাইজৰ দলৰ হৈ দাবী জনাই অখিল গগৈয়ে । উপ-নিৰ্বাচনত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক দুখনকৈ আসন এৰি দিব কংগ্ৰেছে । ৰাইজৰ দলক ভৱানীপুৰ সমষ্টি কংগ্ৰেছে এৰি দিছে যদিও সমষ্টিটোৰ বাবে ৰাইজৰ দল প্ৰস্তুত নহয় বুলি কয় অখিল গগৈয়ে ।

ইয়াৰ বিপৰীতে থাওৰা সমষ্টি বিচাৰিছে ৰাইজৰ দলে । এআইইউডিএফৰ লগত মিত্ৰতাৰ বাবেই বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে বুলিও মন্তব্য প্ৰকাশ কপৰে অখিল গগৈয়ে । আনহাতে, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ উপ দলপতি ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত কয় , আগন্তুক উপ নিৰ্বাচনৰ আসন বুজাবুজিৰ ক্ষেত্ৰত ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজত আলোচনা হৈছে ৷

লগতে পঢ়ক: অসম চুক্তি ৰূপায়ণঃ চৰকাৰে গঠন কৰি দিলে বিশেষ সমিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.