ধিং, ২৯ নৱেম্বৰ : নগাঁৱৰ মৈৰাবাৰীৰ উৰুলকাটা গাঁৱৰ বি এল অ' শ্বাহিদা খাতুনে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ভোটাৰ আৰু এন আৰ চিৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ নামত একাংশ লোকৰ পৰা শ্বাহিদা খাতুন আৰু তেওঁৰ স্বামীয়ে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে । দুয়োৰে বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু হৈ থকাৰ পিছতো আৰক্ষীয়ে আজিলৈ কোনো ব্যৱস্থা লোৱা নাই ।
উপায়হীন হৈ দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে উৰুলকাটাবাসীয়ে । উল্লেখ্য যে, ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ২১০ নং উৰুলকাটা পুলিং ষ্টেচনৰ বি এল অ'ৰ দায়িত্বত আছে শ্বাহিদা খাতুন নামৰ অংগনবাড়ী কৰ্মীগৰাকী । ৰাইজে অভিযোগ তুলিছে, নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ শ্বাহিদা খাতুনে ১-১০ হাজাৰ টকা দাবী কৰে ।
ভোটাৰ তালিকাত কিবা ভুল থাকিলেও দিবলগীয়া হয় মোটা অংকৰ ধন। নহ'লে বাংলাদেশী হৈ যাব বুলি সাধাৰণ ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই আতংকিত কৰে । বি এল অ'গৰাকীৰ স্বামী আবুল কালাম আজাদে পত্নীক এই কাম কৰিবলৈ উচতনি দিয়ে বুলিও অভিযোগ তুলিছে ৰাইজে ।
এন আৰ চিৰ তালিকা নাম অন্তৰ্ভুক্তিৰ সময়ত বি এল অ'গৰাকীৰ স্বামীয়ে আবু ছাহিদ নামৰ এজন লোকৰ পৰা ৭০ হাজাৰ টকা লোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । জন্মৰ প্ৰমাণ পত্ৰ প্ৰস্তুতৰ বাবদো ধন লৈ ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । দুয়োৰে বিৰুদ্ধে ইতিমধ্যে আজিবুৰ ৰহমান আৰু নুৰ ভানুৱে পৃথকে পৃথকে দুখন এজাহাৰ দিয়ে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
এই সন্দৰ্ভত বি এল অ' পৰ্যবেক্ষণকাৰীৰ লগতে ধিং ৰাজহ চক্ৰ বিষয়াকো যোৱা ১৭ নৱেম্বৰত লিখিত অভিযোগ দিয়ে ৰাইজে । ৰাজহ চক্ৰ বিষয়াই বি এল অ'গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়ত লক্ষণীয় হ'ব।
লগতে পঢ়ক:21ৰ' নিৰ্বাচনত বিপিএফৰ সংগ এৰিব বিজেপিয়ে : হিমন্তৰ ইংগিত