ETV Bharat / state

বিশিষ্ট চিকিৎসক ডাঃ পাৰ্থসাৰথি বৰুৱাৰ দেহাৱসান - photographer dr partha sarathi baruah

এগৰাকী প্ৰকৃতিপ্ৰেমী, ফটোগ্ৰাফাৰ তথা বিশিষ্ট চিকিৎসক ডাঃ পাৰ্থসাৰথি বৰুৱাৰ মৃত্যু (Dr Partha Sarathi Baruah Passes Away) ৷ যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগক কৰে ডাঃ বৰুৱাই ৷ 6 নৱেম্বৰত বিশিষ্ট চিকিৎসকগৰাকীয়ে লিখি থৈ গৈছে এখনি ইচ্ছাপত্ৰ ৷

dr-partha-sarathi-baruah-passes-away
ডাঃ পাৰ্থসাৰথি বৰুৱাৰ মৃত্যু
author img

By

Published : Nov 24, 2021, 7:40 PM IST

গুৱাহাটী, 24 নৱেম্বৰ : বিশিষ্ট চিকিৎসক তথা প্ৰখ্যাত ফটোগ্ৰাফাৰ ডাঃ পাৰ্থসাৰথি বৰুৱা আৰু নাই । যকৃতৰ জটিল ৰোগত আক্ৰান্ত হোৱা বিশিষ্ট চিকিৎসকগৰাকীক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও মঙলবাৰে বিয়লি ভাগত তেওঁ ইহ সংসাৰৰ পৰা বিদায় মাগে ৷

1947 চনত ডিব্ৰুগড়স্থিত মোমায়েক তথা প্ৰখ্যাত চাহ খেতিয়ক ৰমেশ চন্দ্ৰ বৰুৱাৰ বাসগৃহত জন্মগ্ৰহণ কৰিছিল ডাঃ পাৰ্থসাৰথি বৰুৱাই । ডাঃ বৰুৱাৰ পিতৃ আছিল প্ৰথিতযশা শিক্ষাবিদ তথা প্ৰখ্যাত ফটোগ্ৰাফাৰ কৃষ্ণ দাস বৰুৱা আৰু মাতৃ আছিল সত্যৰেখা বৰুৱা ।

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰা বৰুৱাই 1970 চনত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিভাগত উত্তীৰ্ণ হৈছিল । ইয়াৰ পাচত প্ৰথমে দহ বছৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ত চাকৰি কৰি পৰৱৰ্তী 22 টা বছৰ তেওঁ নগাঁৱৰ আৰক্ষী বিভাগৰ চিকিৎসালয়ত চিকিৎসক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ।

এগৰাকী প্ৰখ্যাত ফটোগ্ৰাফাৰ হিচাপেও পৰিচিত আছিল ডাঃ পাৰ্থসাৰথি বৰুৱা (photographer Dr partha sarathi Baruah) ৷ নগাঁৱৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থান, অনুষ্ঠান-প্ৰতিষ্ঠানৰ ফটো তুলিছিল তেওঁ । ডাঃ বৰুৱাই সংগ্ৰহ কৰি ৰাখিছিল বৰ্তমান নাইকীয়া হৈ পৰা বিভিন্ন আচবাব, পুৰণি মূৰ্তি, 100 বছৰৰ পূৰ্বৰ দলং, বিভিন্ন জনগোষ্ঠীৰ পুৰণা বাসগৃহ আদিৰ ছবিৰ লগতে এইবোৰৰ নিৰ্মাণৰ সময়, ইতিহাস আদিৰ তথ্য ।

তাৎপৰ্যপূৰ্ণ কথা যে, নগাঁৱৰ ফৌজদাৰীপট্টিৰ গুণাভিৰাম বৰুৱা পথ আৰু কুতুবুদ্দিন আহমেদ পথৰ সংযোগ স্থলত থকা 1905 চনতে নিৰ্মিত আৰক্ষী চিকিৎসালয়খন ডাঃ বৰুৱাৰ তৎপৰতাতে আদি ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল । অকল ঐতিহ্যমণ্ডিত সম্পদৰ আলোকচিত্ৰই নহয়, ডাঃ পাৰ্থসাৰথি বৰুৱাৰ ব্যক্তিগত সংগ্ৰহালয়ত আছে বহু দেশী-বিদেশী চিনেমা ।

এগৰাকী প্ৰকৃতি প্ৰেমী হিচাপে খ্যাত ডাঃ বৰুৱাই প্ৰকৃতিৰো বহু আলোকচিত্ৰ তুলিছিল । তেওঁ নগাঁও চহৰৰ বিদিশা হোটেল যুৱ প্ৰজন্মক দেশী-বিদেশী গাম্ভীৰ্যপূৰ্ণ চলচ্চিত্ৰ দেখুৱাইছিল । উল্লেখ্য যে, মৃত্যুৰ পূৰ্বে অৰ্থাৎ 6 নৱেম্বৰত বিশিষ্ট চিকিৎসক তথা প্ৰখ্যাত ফটোগ্ৰাফাৰগৰাকীয়ে লিখি থৈ গৈছে এখনি ইচ্ছাপত্ৰ ।

এই ইচ্ছাপত্ৰখনিত তেওঁ উল্লেখ কৰিছে যে, তেওঁৰ মৃত্যুৰ পাচত তেওঁৰ শৰীৰটো ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হওক (partha sarathi baruah donates his body to GMCH) । সেই অনুযায়ী মৃত্যুৰ লগে লগে ইলোৰা বিজ্ঞান মঞ্চৰ সত্যজিৎ ৰয়, যজ্ঞেশ্বৰ শৰ্মা আৰু গুণেন্দ্ৰ চক্ৰৱৰ্তীৰ সৈতে যোগাযোগ কৰিবলৈ পত্ৰযোগে আহ্বান জনাইছিল ডাঃ বৰুৱাই ।

তেওঁৰ মৃত্যুৰ পাচত কোনো ধৰণৰ পৰলৌকিক অনুষ্ঠান তেওঁৰ ঘৰৰ চৌহদত অনুষ্ঠিত নকৰিবলৈও আহ্বান জনাইছে । এটি সুবিধাজনক দিন নিৰ্বাচন কৰি অধ্যাপক বিজিত বৰঠাকুৰৰ পৰিচালনাত এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱাৰ কথাও ইচ্ছা পত্ৰত লিখি থৈ গৈছে চিকিৎসকগৰাকীয়ে ।

বিশিষ্ট চিকিৎসকগৰাকীৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, বিশিষ্ট সমাজকৰ্মী মুকুট চন্দ্ৰ ভূঞা, পান্থতৰু সংৰক্ষণী অসমৰ সভাপতি-সম্পাদক ক্ৰমে ডঃ কুলেন দাস আৰু বুবুল শৰ্মা, সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ নগাঁও জিলা সমিতি, আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্ত, বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া, বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি আদিয়ে শোক প্ৰকাশ কৰিছে ।

এক শোকবাৰ্তাত ডাঃ পাৰ্থসাৰথি বৰুৱাৰ মৃত্যু অসমৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত বৰাই । তেওঁৰ নশ্বৰ দেহ ইলোৰা বিজ্ঞান মঞ্চই ডিফু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় । মৃত্যুৰ সময়ত পত্নী আৰু এটি পুত্ৰক ইহসংসাৰত এৰি থৈ যায় বিশিষ্ট চিকিৎসকগৰাকীয়ে ৷

লগতে পঢ়ক : Dr Debadatta Barkataki passes away : বিশিষ্ট শিক্ষাবিদ ড৹ দেৱদত্ত বৰকটকীৰ পৰলোক প্ৰাপ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.