ETV Bharat / state

ছাত্ৰী-ছাত্ৰীৰ পৰিৱৰ্তে বিদ্যালয় কোঠাত কুকুৰা !

author img

By

Published : Jun 8, 2019, 7:24 PM IST

নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত ৰামপুৰ সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত নাই এজনো ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰী । ১৯৮৯ চনতে স্থাপিত হোৱা বিদ্যালয়ত কাগজে কলমে শিক্ষক-শিক্ষয়ত্ৰী ,ছাত্ৰ-ছাত্ৰী সকলো আছে যদিও বিদ্যালয়ৰ উপস্থিত নাথাকে শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী

গোহালিত পৰিণত বটদ্ৰৱাৰ প্ৰাথমিক বিদ্যালয়

নগাঁও, 8 জুন: বটদ্ৰৱা প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা ৷ ভঙা টিনৰ চালিৰ তলত ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰীৰ পৰিবৰ্তে আছে গৰু গোৱৰ আৰু কুকুৰা । কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি শিক্ষক-শিক্ষয়ত্ৰীৰ ৷ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত এখন আজব বিদ্যালয় । বিদ্যালয়ত নাই ছাত্ৰ ছাত্ৰী, নাই শিক্ষক-শিক্ষয়ত্ৰী ৷ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত ৰামপুৰ সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত নাই এজনো ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰী । ১৯৮৯ চনতে স্থাপিত হোৱা বিদ্যালয়ত কাগজে কলমে শিক্ষক-শিক্ষয়ত্ৰী ,ছাত্ৰ-ছাত্ৰী সকলো আছে যদিও বিদ্যালয়ৰ উপস্থিত নাথাকে শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী । যাৰ ফলত কুকুৰা আৰু গৰুৰ গোহালিলৈ পৰিণত হৈছে বিদ্যালয় খন । ইফালে ৰাজ্য চৰকাৰে কণ কণ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে যদিও আন্তঃগাঁথনিকে আদি কৰি শিক্ষকৰ অভাৱত শৈক্ষিক পৰিবেশ বিনষ্ট হৈ চৰম অৰাজকতা বিৰাজ কৰিছে ৰামপুৰ সত্ৰ প্ৰাথমিক বিদ্যালয়খনত ৷ বাহঁৰ খুটা ভঙা তৰ্জাৰ বেৰ আৰু দৰ্জা খিৰিকি নথকা টিনৰ চালিৰ গৰু গোহালিসদৃশ এটা কোঠাতে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হোৱাত বিদ্যালয়লৈ নাহে ছাত্ৰ-ছাত্ৰীসকল ৷ ভগ্নপ্ৰায় কোঠাৰ ভিতৰত নাই কোনো ডেক্স-বেঞ্চ, সেইহে গোহালি সদৃশ সৰু ঠেক ভগ্ন গৃহত ছাত্ৰ ছাত্ৰীৰ পৰিবৰ্তে এতিয়া কুকুৰা আৰু গৰুৰ বাসস্থান ৷

গোহালিত পৰিণত বটদ্ৰৱাৰ প্ৰাথমিক বিদ্যালয়
বিদ্যালয় খনৰ শিক্ষাৰ এনে দুৰৱস্থাই আজিৰ শিশু কাইলৈ দেশৰ সুনাগৰিক কেনেকৈ হ'ব সেয়া এক ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় দি উঠিছে ৷

Intro:বটদ্ৰৱাত প্ৰথমিক বিদ্যালয়ৰ দুৰৱস্থা ৷ভগ্ন টিনৰ চালিৰ তলত শিক্ষক শিক্ষয়িত্রীৰ পৰিবৰ্তে আছে গৰু গোৱৰ আৰু কুকুৰা । কন কন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি শিক্ষক শিক্ষয়িত্রীৰ ৷Body:বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত এখন আজব বিদ্যালয় । বিদ্যালয়ত নাই শিক্ষক শিক্ষয়িত্রী, নাই কোনো ছাত্ৰ ছাত্ৰী, কিন্তু বিদ্যালয়ৰ ভিতৰত আছে কুকুৰা আৰু গৰু গোৱৰ । ছাত্ৰ ছাত্ৰীৰ পৰিবৰ্তে কুকুৰা আৰু গোৱৰ আহিল কেনেকৈ ? হয় এই বিদ্যালয় খনলৈ মন কৰক এইখন হৈছে নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত ৰামপুৰ সত্ৰ আদৰ্শ প্ৰাৰ্থমিক বিদ্যালয়।১৯৮৯ চনতে স্থাপিত হোৱা বিদ্যালয়ত কাগজে কলমে শিক্ষক শিক্ষয়িত্রী ,ছাত্ৰ ছাত্ৰী সকলো আছে যদিও বিদ্যালয়ৰ উপস্থিত নাথাকে শিক্ষক শিক্ষয়িত্রী ছাত্ৰ ছাত্ৰী ।যাৰ ফলত কুকুৰা আৰু গৰু গোহালিলৈ পৰিনত হৈছে বিদ্যালয় খন । ইফালে ৰাজ্য চৰকাৰে কণ কণ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে যদিও আন্তঃগাঁথনিকে আদি কৰি শিক্ষকৰ অভাৱত শৈক্ষিক পৰিবেশ বিনষ্ট হৈ চৰম অৰাজকতা বিৰাজ কৰিছে নগাঁও জিলাৰ বটদ্ৰবা শিক্ষা খণ্ডৰ অধিনস্হ ৰামপুৰ সত্ৰ প্ৰাৰ্থমিক বিদ্যলয় খন ৷বাহঁৰ খুটা ভঙা তৰ্জাৰ বেৰ আৰু দৰ্জা খিৰিকি নথকা টিনৰ চালিৰ গৰু গোহালিসদৃশ এটা কোঠাতে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হোৱাত বিদ্যলয়লৈ নাহে কণ কণ ছাত্র ছাত্ৰীয় ৷ভগ্নপ্ৰায় কোঠাৰ ভিতৰত নাই কোনো ডেক্স বেঞ্চ, সেইহে গোহালি সদৃশ সৰু ঠেক ভগ্ন গৃহত ছাত্ৰ ছাত্ৰীৰ পৰিবৰ্তে এতিয়া কুকুৰা আৰু গৰু গোহালিলৈ পৰিনত হৈছে । উল্লেখ্য যে বহুবল্কী মন্ত্ৰী আৰু শিক্ষা বিভাগে প্ৰথমিক শিক্ষাৰ ভেঁটিক একাংশ শিক্ষকৰ শিক্ষয়িত্রীয়ে জধে-মধে বিদ্যালয় খুলি কেনেদৰে ধ্বংশপ্ৰাপ্ত কৰি পেলাইছে তাৰ পৰিষ্কাৰ ছবিখন জিলিকি উঠিছে ৷বিদ্যালয় খনৰ শিক্ষাৰ এনে দুৰৱস্থাই আজিৰ শিশু কাইলৈ দেশৰ সুনাগৰিক কেনেকৈ হ'ব সেয়া এক ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় দি উঠিছে৷_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.