ETV Bharat / state

তিনিটি বিশেষভাৱে সক্ষম শিশুৰ সৈতে চামগুৰিৰ নিঠৰুৱা এটা পৰিয়াল

নগাঁও জিলাৰ চামগুৰিৰ এটা দুৰ্ভগীয় আৰু চৰকাৰী সুবিধাৰ পৰা বঞ্চিত এটা পৰিয়াল । তিনিটাকৈ বিশেষভাৱে সক্ষম শিশু থকাৰ পাছতো চৰকাৰৰ আঁচনিৰ পৰ্যাপ্ত সুবিধা পোৱা নাই পৰিয়ালটোৱে (Nagaon poor family)। পৰিয়ালটোক সহায়ৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিভিন্নজনৰ ।

author img

By

Published : Aug 27, 2022, 1:25 PM IST

smg
৩ বিশেষভাৱে সক্ষম শিশুৰ সৈতে চামগুৰিৰ নিঠৰুৱা পৰিয়াল

চামগুৰি,২৭ আগষ্ট : চৰকাৰে দৰিদ্ৰ পৰিয়াল, বিকলাংগ লোক আদিৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে (Assam govt scheme)। লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি আঁচনিবোৰ ৰূপায়ণ কৰা দেখা গৈছে বিজেপি নেতৃত্বাধীন চৰকাৰক । কিন্তু চৰকাৰৰ আঁচনিবোৰ সঠিকভাৱে ৰূপায়ণ হৈছে নে ? প্ৰকৃত হিতাধিকাৰী আৰু যোগ্যসকলে আঁচনিৰ সুবিধা লাভ কৰিছে নে ? সেয়া অতি ভাবিবলগীয়া বিষয় ।

নগাঁও জিলাৰ চামগুৰিৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কথা শুনিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব প্ৰকৃততে আঁচনিবোৰৰ সুবিধা কোনে লৈছে ? পৰিয়ালটোৱে চামগুৰি সমষ্টিৰ খাটোৱালত বাস কৰে (Samaguri poor family)। ৫ জনীয়া পৰিয়ালটোৰ তিনিটা শিশু ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে তিনিওটা শিশুৱে বিশেষভাৱে সক্ষম । পৰিয়ালটো পোহপাল দিবলৈ শিশুকেইটাৰ মাতৃয়ে ঘৰতে মাটিৰ বাচন প্ৰস্তুত কৰে আৰু পিতৃয়ে দিন হাজিৰা কৰে । বাসস্থানৰ নামত পৰিয়ালটোৰ আছে বাঁহেৰে নিৰ্মিত অতি সাধাৰণ এটা জুপুৰি । বৰষুণ দিলেই জুপুৰিটোত থকাৰ পৰিৱেশ নাথাকে ।

কোনোমতে চলি থকা পৰিয়ালটোৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈছে বিশেষভাৱে সক্ষম শিশু কেইটা । প্ৰায়ে অসুস্থ হৈ থাকে শিশুকেইটা । যাৰ বাবে তেওঁলোকৰ চিকিৎসা কৰিবলৈ ধনৰ অভাৱত পৰে পৰিয়ালটো । শিশুকেইটাৰ চিকিৎসাৰ বাবে ঘৰৰ মাটি-বাৰীও ইতিমধ্যে বিক্ৰী কৰিছে পৰিয়ালটোৱে ।

চৰকাৰী আঁচনিৰ নামত সুলভ মূল্যৰ ১০ কেজি চাউল আৰু অৰুণোদয় আঁচনিৰ ১ হাজাৰ টকা পায় পৰিয়ালটোৱে (Nagaon deprived family)। কিন্তু ৫ জনীয়া এটা পৰিয়ালৰ বাবে ১০ কেজি চাউল আৰু ১ হাজাৰ টকা যথেষ্ট হয় নে নহয় আপুনি নিজেই বিবেচনা কৰক !

লক্ষণীয়ভাৱে চৰকাৰৰ ইমান আঁচনি থকাৰ পাছতো কিয় পৰিয়ালটোৱে লাভ কৰা নাই আঁচনিৰ সুবিধা (Samaguri family deprived of government facilities)। চৰকাৰী আৱাসগৃহ এটাও লাভ কৰা নাই পৰিয়ালটোৱে । চৰকাৰী গৃহৰ বাবে পৰিয়ালটোৱে পঞ্চায়তত খবৰ ল'লেও বিভিন্ন ধৰণৰ অজুহাত দিয়ে পঞ্চায়তৰ কৰ্মচাৰীসকলে ।

মুঠতে তিনিটা বিশেষভাৱে সক্ষম শিশুৰ সৈতে পৰিয়ালটোৱে কোনোমতে জীৱন নিৰ্বাহ কৰি আছে । সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী লগতে চৰকাৰক কিছু সহায়ৰ বাবে অনুৰোধ জনাইছে । শিশুকেইটাৰ চিকিৎসাৰ বাবেও যাতে চৰকাৰে পদক্ষেপ লয় তাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ।

লগতে পঢ়ক :ডিমাছা ভৱন নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.