ETV Bharat / state

বটদ্ৰৱাত কৃষক সন্মান নিধিৰ নামত লক্ষাধিক টকা আত্মসাৎ - অসম গ্ৰামীণ বিকাশ বেংক

ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি ৷ এই অভিযোগ প্ৰতিখন জিলাৰ হিতাধিকাৰীৰ ৷ নিধিৰ ধন প্ৰদানৰ নামত একাংশৰ উৎকোচ গ্ৰহণ ৷ বটদ্ৰৱাত সংঘটিত এই দুৰ্নীতি সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ গা এৰা ভূমিকা গ্ৰহণ ৷

PM Kishan nidhi scam batadrava nagaon assam etv bharat news
কৃষক সন্মান নিধিৰ ধন আত্মসাৎ
author img

By

Published : May 9, 2020, 12:10 PM IST

বটদ্ৰৱা,9 মে’ঃ ৰাজ্যত ব্যাপক হাৰত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ধন কেলেংকাৰী ৷ নগাঁৱৰ বটদ্ৰৱাত প্ৰকৃত কৃষকক বঞ্চিত কৰি এক দালাল চক্ৰই ভুৱা একাউণ্টৰ সহায়ত লুটি নিয়ে লক্ষাধিক টকা । কৃষকসকলৰ অজ্ঞাতে সংঘটিত এই ঘটনাৰ পিছত কৃষি বিভাগৰ ৱেবছাইটত আঁচনিৰ অধীনৰ হিতাধিকাৰীৰ তালিকা উপলব্ধ হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ বিশেষকৈ নগাঁৱত এই আঁচনিত সৰ্বাধিক দুৰ্নীতি সংঘটিত হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

PM Kishan nidhi scam batadrava nagaon assam etv bharat news
হিতাধিকাৰীৰ তালিকা

প্ৰাপ্ত তথ্য় অনুসৰি, অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ লগতে এক দালাল চক্ৰ আৰু কৃষি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ তৎপৰতাত সংঘটিত হৈছে এই দুৰ্নীতি । দলটোৱে ভুৱা একাউণ্টৰ উপৰিও জবকাৰ্ড একাউণ্টৰ জৰিয়তে সৰকাই নিয়ে কৃষকৰ প্ৰাপ্য ধন । উদ্বেগজনক কথাটো হৈছে, এই তালিকাত নাম সন্নিৱিষ্ট হৈছে চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰৰ উপৰিও একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীৰ ৷ তদুপৰি একেটা পৰিয়ালৰ একাধিক সদস্যই লাভ কৰিবলৈ সক্ষম হৈছে এই ধন ৷ সমান্তৰালকৈ হিন্দু বসতিপ্রধান গাঁৱসমূহত একাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ বিপৰীতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক বাস কৰা অঞ্চলত অন্তৰ্ভূক্ত হৈছে হিন্দু লোকৰ নাম ৷

কৃষক সন্মান নিধিৰ ধন আত্মসাৎ

আনহাতে, বিষয় সন্দৰ্ভত বিভাগ অথবা জিলা প্ৰশাসনে আজিকোপতি কোনো তদন্তৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ একাংশ লোকে জিলা উপায়ুক্তক অভিযোগ দিয়াৰ লগতে থানাতো দাখিল কৰে এজাহাৰ । কিন্তু আৰক্ষী প্রশাসনে এইক্ষেত্রত সোপাঢিলা নীতি অৱলম্বন কৰি কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰা বুলি ক্ষোভেৰে প্ৰকাশ কৰে ভুক্তভোগী কৃষকসকলে ।

লগতে চাওকঃ লক্ ডাউনৰ সময়ত তীব্ৰ খাদ্য সংকটত ভুগিছে নলবাৰীৰ এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.