ETV Bharat / state

Seed Firm at Kaliabor: চৰকাৰৰ সদিচ্ছাৰ অভাৱত মৃত্যুঘণ্টা বাজিছে এখন বীজ পামত

অসম বীজ নিগম পৰিসীমিতৰ এখন বীজ পাম ৷ চৰকাৰৰ সদিচ্ছাৰ অভাৱত মৃত্যুঘণ্টা বাজিছে কলিয়াবৰৰ এই বীজ পামখনৰ (Pitiable condition of Darigoji seed farm) ৷ প্ৰায় ছশ বিঘা মাটিৰে পৰিৱেষ্টিত বীজ পামখনৰ দুৰৱস্থাই প্ৰমাণ কৰে কৃষি বিভাগৰ চৰম অৱহেলা ৷

চৰকাৰৰ সদিচ্ছাৰ অভাৱত মৃত্যুঘণ্টা বাজিছে এখন বীজ পামত

author img

By

Published : Mar 12, 2022, 5:18 PM IST

কলিয়াবৰ,12 মাৰ্চ : ১৯৬৭ চনতে স্থাপন হোৱা এখন বীজ পাম । মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লৈছে বীজ পামখনে (Pitiable condition of Darigoji seed farm) । এই বীজ পামখন আছে কলিয়াবৰত ৷ ৰাজ্যৰ কৃষি বিভাগৰ অধীনস্থ ১১ খন বীজ পামৰ ভিতৰত কলিয়াবৰৰ দাৰীগজিৰ এই বীজ পামখন হৈছে অন্যতম ।

চৰকাৰৰ সদিচ্ছাৰ অভাৱত মৃত্যুঘণ্টা বাজিছে এখন বীজ পামত
চৰকাৰৰ সদিচ্ছাৰ অভাৱত মৃত্যুঘণ্টা বাজিছে এখন বীজ পামত

বীজ পামখনত নাই কোনো চৌহদৰ বেৰা । চৌহদৰ বেৰ বিহীন পামখনৰ কৰ্মচাৰীসকল থাকিবলৈ নাই এটা ভাল কোঠা । যিকেইটা কোঠা আৰু কাৰ্যালয় আছে মেৰামতিৰ অভাৱত সেইকেইটাও জৰাজীৰ্ণ ৰূপ লৈছে । উৎকট গৰম আৰু বৰষুণত কৰ্মচাৰীসকল থাকিব নোৱাৰে বাসগৃহত ।

তদুপৰি, এক অদ্ভুত নিয়মৰে চলি আছে বীজ পামখন (Seed Firm at Kaliabor)।

নিজাববীয়াকৈ ধন ব্যয় কৰি খেতি কৰিব লাগে বীজ পামখনৰ কৰ্মচাৰীসকলে ৷ আনকি বিভাগীয় কৰ্তৃপক্ষক হিচাব দাখিল কৰাৰ পাচতহে ধন ঘূৰাই পাই কৰ্মচাৰী সকলে । উৎপাদিত সামগ্ৰী বিক্ৰীৰ ধনৰ পৰাহে কৰ্মচাৰীসকলে লাভ কৰে দৰমহা ।

সমস্যাৰে জৰ্জৰিত পামখনৰ প্ৰতি চকু দিবলৈ যেন নাই কাৰো সময় । আনকি এই পামখনৰ দুৰৱস্থা চকুত নপৰিল কৃষিমন্ত্ৰী অতুল বৰা তথবা স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ । সেয়ে এই পামখনত কৰ্মৰত কৰ্মচাৰীসকলৰ চৰকাৰ তথা কৃষিমন্ত্ৰী অতুল বৰালৈ আহ্বান, বীজ পামখন মেৰামতিৰ ব্যৱস্থা কৰি শীঘ্ৰে কাৰ্যক্ষম কৰি তুলক ৷

উল্লেখ্য যে, চৰকাৰে বীজ পামখন প্ৰয়োজনীয় সা-সুবিধা আগবঢ়াই কাৰ্যক্ষম কৰি তুলিলে শতাধিক নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি হ'ব ।

লগতে পঢ়ক : জলসিঞ্চনৰ বিকল প্ৰকল্প: হাহাকাৰ কলিয়াবৰৰ কৃষকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.