ETV Bharat / state

ই টি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : পি এম এ ৱাই গৃহ নিৰ্মাণৰ দুৰ্নীতিৰ তদন্ত ঘোষণা

author img

By

Published : Sep 1, 2019, 2:19 PM IST

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ পি এম এ ৱাইৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ বিষয়ে 30 তাৰিখে বাতৰি প্ৰকাশৰ পাচতেই গা-লৰিল মহকুমা প্ৰশাসনৰ ৷ অনীয়মৰ কথা স্বীকাৰ দণ্ডাধীশৰ ৷

কলিয়াবৰত ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

কলিয়াবৰ,1চেপ্তেম্বৰ : ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ কলিয়াবৰত ৷ চৰ-জমীন তদন্তত পি এম এ ৱাইৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ কথা 30 তাৰিখে পোহৰলৈ আনিছিল ই টিভি ভাৰতে ৷ অৱশেষত প্ৰমাণ হ'ল এইবাতৰিৰ সত্যতা ৷ বাতৰি প্ৰকাশৰ পাচতে কলিয়াবৰৰ মহকুমাধিপতিয়ে তৎকালীনভাৱে তদন্তৰ নিৰ্দেশ দিয়ে ৷ লক্ষ্যণীয় যে, সেই সূত্ৰে মঙ্গলবাৰে বিয়লি দুগৰাকী দণ্ডাধীশে চৰ-জমীন তদন্তৰ বাবে হিতাধিকাৰীৰ নিৰ্মিয়মান পি এম এ ৱাইৰ গৃহ পৰিদৰ্শন কৰি বিভিন্ন অনিয়ম ধৰা পেলাই । হিতাধিকাৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গৃহ নিৰ্মাণৰ আসোঁৱাহসমূহ দূৰ কৰি পুনৰ নিৰ্মাণৰ নিৰ্দেশ জাৰি কৰাৰ লগতে এনে অনিয়মৰ বিষয়ে মহকুমাধিপতিক প্ৰতিবেদন দাখিল কৰিব বুলিও জনায় দণ্ডাধীশ দুগৰাকীয়ে ৷

কলিয়াবৰত ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
আনহাতে, হাটবৰ গঁও পঞ্চায়তৰ অন্তৰ্গত পি এম এ ৱাইৰ গৃহ নিৰ্মাণৰ দুৰ্নীতিৰ লগতে "জব-কাৰ্ড"ৰ নামতো পঞ্চায়তৰ কৰ্মচাৰীয়ে টকা লয় বুলি অভিযোগ কৰিছে হিতাধিকাৰীয়ে । তেনেস্থলত দুৰ্নীতিৰ ভূ-স্বৰ্গ বুলি খ্যাত বিভাগটোয়ে এনে অভিযোগ নিৰ্মূলৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া লক্ষ্যণীয় হ'ব ৷

Intro:ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

কলিয়াবৰ মহকুমা প্ৰশাসনে আৰম্ভ কৰিলে নিজাববীয়া তদন্ত

চৰ-জমীন তদন্তত পি এম এ ৱাইৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ সত‍্যতা প্ৰতিপন্নBody:ই টিভি ভাৰতত যোৱা ৩০ আগষ্ট তাৰিখে কলিয়াবৰ মহকুমাৰ হাটবৰ গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ অনিয়মৰ বাতৰি সবিস্তাৰে প্ৰকাশ হোৱা পিচত কলিয়াবৰৰ মহকুমাধিপতিয়ে তৎকালীনভাবে তদন্তৰ নিৰ্দেশ দিয়ে। সেই সূত্ৰে মঙ্গলবাৰে বিয়লি দুগৰাকী দণ্ডাধীশে চৰ-জমীন তদন্তৰ বাবে হিতাধিকাৰীৰ নিৰ্মিয়মান পি এম এ ৱাইৰ গৃহ পৰিদৰ্শন কৰি বিভিন্ন অনিয়ম ধৰা পেলাই। হাতাধিকাৰীৰ অসুবিধাৰ প্ৰতি লক্ষ‍্য ৰাখি গৃহ নিৰ্মাণৰ আসোঁৱাহসমূহ দুৰ কৰি পুণৰ নিৰ্মাণৰ নিৰ্দেশ জাৰি কৰে। লগতে এনে অনিয়মৰ বিষয়ে মহকুমাধিপতিক প্ৰতিবেদন দাখিল কৰিব বুলি দণ্ডাধীশ দুগৰাকীয়ে জনাই‌। পৰৱৰ্তী সময়তহে ইয়াৰ ওপৰত কি ব‍্যৱস্থা লয় জানিব পৰা হ'ব।

আনহাতে, হাটবৰ গঁও পঞ্চায়তৰ অন্তৰ্গত পি এম এ ৱাইৰ গৃহ নিৰ্মাণৰ দুৰ্নীতিৰ লগতে "জব-কাৰ্ড"ৰ নামতো পঞ্চায়তৰ কৰ্মচাৰীয়ে টকা লয় বুলি অভিযোগ কৰিছে হিতাধিকাৰীয়ে। তেনেস্থলত দুৰ্নীতিৰ ভূ-স্বৰ্গ বুলি কুখ‍্যাত বিভাগটোয়ে এনে অভিযোগ নিৰ্মূলৰ বাবে যাবতীয় ব‍্যৱস্থা গ্ৰহণ কৰে নে নকৰে ই এতিয়া বহুতৰে বাবে সাঁথৰ।Conclusion:visuals
bites

*৩০ আগষ্টৰ বাতৰি*
দূৰ্নীতিৰ বিৰুদ্ধে শূণ‍্য সহনশীল অসম চৰকাৰৰ শাসনত চিণ্ডিকেটৰ আন এক নমুনা *
কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবৰ নেতৃত্বত প্ৰাধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ বন্ধা সামগ্ৰীৰ চিণ্ডিকেট *
হাটবৰ গাঁও পঞ্চায়তৰ দুই মহিলাৰ অঘোষিত নীতি – তেওঁলোকে নিৰ্দ্ধাৰিত কৰি দিয়া ৰাজমিস্ত্ৰীয়ে সাজিব ঘৰ, ব‍্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা আনিব লাগিব সামগ্ৰী *
দৈনন্দিন বাৰ্তাৰ সেৱা, কলিয়াবৰ, ৩০ আগষ্ট : দূৰ্নীতিৰ বিৰুদ্ধে শূণ‍্য সহনশীল অসম চৰকাৰৰ শাসনত চিণ্ডিকেট বন্ধ কৰাৰ হুংকাৰ এতিয়া অসাৰ। কাঠফুলাৰ দৰে গঢ়ি উঠা চিণ্ডিকেটৰ পাকচক্ৰত পৰি পঞ্চায়তৰ হিতাধিকাৰীয়ে ত্ৰাহি মধুসুদন সোঁৱৰিছে কলিয়াবৰত।
দুৰ্নীতিৰ বিৰুদ্ধে শূণ‍্য সহনশীল বুলি বৰ্তমানৰ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে যিমানেই হুঙ্কাৰ নিদিয়ক, বাস্তৱত ইয়াৰ ওলোটা ৰূপ এটাহে দেখিবলৈ পোৱা গৈছে কলিয়াবৰত।
পান, কয়লা, কণী চিণ্ডিকেটৰ পিছত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত অতি সন্তৰ্পনে গা-কৰি উঠিছে পি এম এ ৱাই গৃহৰ সামগ্ৰী যোগানৰ চিণ্ডিকেট। বিভাগটোৰ অধীনৰ কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাটবৰ গাওঁ পঞ্চায়তত সংঘটিত হৈছে এনে দুষ্কাৰ্য্য। পঞ্চায়তটোৰ সভাপতি আৰু সচিবৰ ছত্ৰ-ছাঁয়াত ঠন ধৰি উঠিছে এই চিণ্ডিকেট। চলিত বৰ্ষত পঞ্চায়তটোৰ ৪৬ গৰাকী হিতাধিকাৰীলৈ পি এম এ ৱাই আচঁনিৰ জৰিয়তে প্ৰতিজনৰ বিপৰীতে এক লাখ ত্ৰিশ হাজাৰ টকাকৈ অনুমোদিত মুঠ ৫৯,৮০০,০০০ টকাৰ চৈধ্য লাখ পঞ্চানব্বৈ হাজাৰ টকাৰ আৱন্টন লাভৰ পিছতে আৰম্ভ হৈছে এই চিণ্ডিকেট। হিতাধিকাৰীৰ স্বাধীনতা হৰণ কৰি পঞ্চায়ত সভানেত্ৰী আৰু সচিবে নিৰ্ধাৰণ কৰি দিয়া ব্যৱসায়ীক প্ৰতিষ্ঠানে যোগান ধৰা ঘৰবন্ধা সামগ্ৰীহে পি এম এ ৱাই আচঁনিৰ গৃহত ব্যৱহাৰ কৰাৰ অঘোষিত নীতি নিৰ্দ্ধাৰণ কৰি দিছে। নিৰ্ধাৰণ কৰি দিছে চামগুৰিৰ পৰা আমদানিকৃত ৰাজমিস্ত্ৰিয়েহে তৈয়াৰ কৰিব আচঁনিৰ ঘৰ। পঞ্চায়ত সভানেত্ৰী-সচিবৰ মাতব্বৰীৰাজত ত্ৰাহিমধুসূদন সোঁৱৰিব লগীয়া হৈছে পঞ্চায়তটোৰ দৰিদ্ৰ হিতাধিকাৰীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.