ETV Bharat / state

বিলুপ্তিৰ দিশে নগাঁৱৰ এখন বিদ্যালয় !

author img

By

Published : Feb 9, 2021, 4:54 PM IST

প্ৰাদেশীকৰণৰ নামত বিলুপ্তিৰ দিশে ১৯৮৪ চনতে স্থাপিত নগাঁৱৰ লাচিত বৰফুকন বিদ্যালয় । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই বিদ্য়ালয়ৰ প্ৰাংগনত স্থানীয় ৰাইজে অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভা । শীঘ্ৰে শিক্ষা বিভাগে সিদ্ধান্ত সলনি নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান স্থানীয় ৰাইজৰ ৷

old school in Nagaon towards extinction
প্ৰাদেশীকৰণৰ নামত বিলুপ্তিৰ দিশে নগাঁৱৰ ৩৭ বছৰীয়া এখন বিদ্যালয়

নগাঁও,9 ফেব্ৰুৱাৰী: যোৱা 5 ফেব্ৰুৱাৰীত ৰাজ্যৰ শিক্ষা বিভাগে বহু অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ কৰিছিল ৷ বিদ্যালয় প্ৰাদেশীকৰণৰ তালিকাত আছিল ১৯৮৪ চনতে স্থাপিত নগাঁৱৰ খালৈ গাঁৱস্থিত মহাবীৰ লাচিত বৰফুকন বিদ্যালয় নামৰ এখনি বহু পুৰণি বিদ্যালয় ৷ সুদীৰ্ঘ ৩৭ বছৰে অপ্ৰাদেশীকৃত হৈ থকা বিদ্যালয়খনৰ প্ৰাদেশীকৰণৰ খবৰে বাৰুকৈয়ে উৎফুল্লিত কৰি তুলিছিল স্থানীয় ৰাইজক ৷ কিয়নো স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষকৰ অশেষ কষ্ট-প্ৰচেষ্টাতে ঠন ধৰি উঠিছিল বিদ্যালয়খন ৷ কিন্তু হঠাৎ শিক্ষা বিভাগৰ তৰফৰ পৰা পোৱা এখন পত্ৰই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

এই পত্ৰৰ জৰিয়তে বিদ্যালয়খনৰ শিক্ষকসকলক লাচিত বৰফুকন বিদ্যালয়ৰ বিপৰীতে বিদ্যালয়খনৰ পৰা ৪.৮ কিলোমিটাৰ নিলগৰ কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰাৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে ৷ কেবাখনো গাঁৱৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত শিক্ষাগ্ৰহণ কৰি থকাৰ লগতে নৱম-দশম শ্ৰেণীত ৭৪ জনকৈ ছাত্ৰ-ছাত্ৰী থকা স্বত্ত্বেও 5 কিল’মিটাৰ এলেকাৰ ভিতৰত বিদ্যালয় থকাৰ দোহাই দি বিদ্যালয়খন বিলুপ্ত কৰিব বিচৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ৷

বিলুপ্তিৰ দিশে নগাঁৱৰ এখন বিদ্যালয়

যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে বিদ্যালয়ত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷ ইয়াৰ লগতে উপস্থিত ৰাইজে শিক্ষা বিভাগৰ এই কাৰ্যক গৰিহণা দি কোনোপধ্যে এই সিদ্ধান্ত মানি লোৱা নহ'ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে ৷ আনহাতে,প্ৰাদেশীকৰণৰ নামত বিদ্যালয়খনত চৰকাৰে মৃত্যুঘণ্টা বজোৱাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰি শিক্ষা বিভাগৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে ৷ এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে লক্ষীনন্দন ডেকা, আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্ত, সাংবাদিক চন্দনজ্যোতি বৰাসহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷

লগতে পঢ়কঃ কোকৰাঝাৰত পুনৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.