ETV Bharat / state

চুৰি কৰিবলৈ আহি ধৰা পৰিল গভাইত চোৰ

author img

By

Published : Jun 25, 2020, 6:42 AM IST

Updated : Jun 25, 2020, 6:58 AM IST

নগাঁৱৰ মাজমজিয়াত অৱস্থিত ৰেনেছাঁ মাধ্যমিক বিদ্যালয়ৰ সমীপতে এঘৰ লোকৰ তাত পুনৰ চোৰ কৰিবলৈ আহি ধৰাত পৰে চোৰটো ৷ ইয়াৰ পূৰ্বেও ধৃতচোৰজনে সহযোগীৰ সৈতে আহি দুবাৰকৈ চুৰি কাৰ্য সংঘটিত কৰিছিল অঞ্চলটোত ৷

চুৰি কৰিবলৈ আহি ধৰা পৰিল গভাইত চোৰ
চুৰি কৰিবলৈ আহি ধৰা পৰিল গভাইত চোৰ

নগাঁও, 25 জুনঃ চুৰি কৰিবলৈ আহি ধৰা পৰিল গভাইত চোৰ ৷ একেটা স্থানতে তৃতীয় বাৰৰ বাবে চুৰি কাণ্ড সংঘটিত কৰিবলৈ আহি হাতে-লুটে ধৰা পৰিলে নগাঁৱৰ গভাইত চোৰটো ৷ চোৰ জনৰ নাম ৰমজান ৷

নগাঁৱৰ মাজমজিয়াত অৱস্থিত ৰেনেছাঁ মাধ্যমিক বিদ্যালয়ৰ সমীপতে এঘৰ লোকৰ তাত পুনৰ চোৰ কৰিবলৈ আহি ধৰাত পৰে চোৰটো ৷ নগাঁও চহৰৰ অন্যতম শিক্ষানুষ্ঠান ৰেনেছাঁ মাধ্যমিক বিদ্যালয় খনতো ইয়াৰ পূৰ্বে ধৃতচোৰজনে সহযোগীৰ সৈতে আহি দুবাৰকৈ চুৰি কাৰ্য সংঘটিত কৰিছিল ৷ বুধবাৰে ধৰা পৰাত চোৰটোৱে স্বীকাৰ কৰে এই কথা ৷

চুৰি কৰিবলৈ আহি ধৰা পৰিল গভাইত চোৰ

ইনভাৰ্টাৰ, বেটেৰী, কম্পিউটাৰ, মনিটৰ, শৰাই আদিকে ধৰি বহুটো সামগ্ৰী বিদ্যালয় খনৰ পৰা চুৰি কৰি মৰিকলংৰ ইছলামপট্ৰী ৰছিদুল নামৰ আন এটা চোৰৰ ঘৰত লুকুৱাই ৰাখিছিল ধৃত চোৰটোৱে ।

ৰেনেছাঁ বিদ্যালয় কতৃপক্ষয়ে পূৰ্বে দাখিল কৰি থোৱা এজাহাৰ ভিত্তিত বৰ্তমান ইটাচালি থানাৰ আৰক্ষীয়ে ধৃত চোৰটোয়ে আগবঢ়োৱা স্বীকাৰোক্তিৰ ভিত্তিত বিদ্যালয় খনৰ চুৰি হোৱা সামগ্ৰী সমূহ উদ্ধাৰ কৰিৱলৈ অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ 6 জুলাইত আলিগড় আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ শ্বাৰ্জিল ইমামক

Last Updated : Jun 25, 2020, 6:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.