নগাঁও,18জুলাইঃ নগাঁও কেন্দ্ৰীয় কাৰাগাৰতো কৰ'ণাৰ গণসংক্ৰমণৰ আশংকা প্ৰৱল হৈ পৰিছে । পুনৰ কাৰাগাৰখনৰ চাৰি গৰাকী হাজোতী ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । শুকুবাৰে নিশা স্বাস্থ্য বিভাগে লাভ কৰিছে কয়দীকেইজন ক'ভিড- ১৯ আক্ৰান্ত হোৱাৰ তথ্য। আক্ৰান্ত হোৱা হাজোতী চাৰি গৰাকী হ'ল ক্ৰমে- নগাঁও চহৰৰ সমীপবৰ্তী কাটিমাৰীৰ চাহিদুল চৰকাৰ, ইংলিছপট্টিৰ বিশ্বজিৎ দেৱনাথ, কলিয়াবৰ উলুৱনীৰ নোমল ভূঞা আৰু কলিয়াবৰ বৰুৱাচুকৰ কামিনী কাঞ্চন বৰুৱা ।
ইতিমধ্যে নগাঁৱৰ স্বাস্থ্য বিভাগে চাৰিও গৰাকী হাজোতীকে কাৰাগাৰৰ পৰা স্থানান্তৰকৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ পি পি ই কীট পৰিধান কৰি চিকিৎসকৰ নৃত্য