ETV Bharat / state

কুখ্যাত অপৰাধীৰ উচটনিতেই হৈছিল বটদ্ৰৱা থানা আক্ৰমণ : লীনা দলে

author img

By

Published : May 26, 2022, 7:06 PM IST

বটদ্ৰৱা কাণ্ডক লৈ গঠন কৰা হৈছে এছ আই টি(SIT formed for investigation of Batadrava incident)। এই পৰ্যন্ত আৰক্ষী থানা জ্বলোৱা ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ ৭ জনকৈ লোকক । ড্ৰাগছ মাফিয়া, ডকাইতৰ উচটনিতেই সংঘটিত হৈছিল থানা আক্ৰমণৰ ঘটনা । নগাঁৱত আৰক্ষী অধীক্ষক লীনা দলেৰ সংবাদমেলযোগে ঘোষণা (Nagaon SP press meet on Batadrava incident) ।

nagaon-sp-press-meet-on-batadrava-incident
বহু কুখ্যাত অপৰাধীৰ উচটনিতেই হৈছিল বটদ্ৰৱা থানা আক্ৰমণ : লীনা দলে

নগাঁও, 26 মে' : নগাঁৱৰ বটদ্ৰৱা কাণ্ডৰ(Batadrava police station attack case) তদন্ত কৰিবলৈ গঠন কৰা হৈছে Special Investigation Team অৰ্থাৎ এছ আই টি (SIT formed for investigation of Batadrava incident)। নগাঁও আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে এই এছ আই টি । নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ৷

নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত সদৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহন, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰী আৰু ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক লৈ গঠন কৰা হৈছে এই ছজনীয়া বিশেষ তদন্তকাৰী দল ।

উল্লেখ্য যে, শনিবাৰে নগাঁৱৰ বটদ্ৰৱাত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি আৰক্ষী থানাত আক্ৰমণ, পেট্ৰল ঢালি আৰক্ষী থানা জ্বলাই ভস্মীভূত কৰা ঘটনাৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে । বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া ঘটনাৰ সৈতে জড়িত ৭ জনকৈ লোকক এই পৰ্য্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ৷ (Seven accused arrested for Batadrava violence)।

ইফালে, ঘটনা সন্দৰ্ভত আৰু ১৪ জনকৈ লোকক আটক কৰা হৈছিল যদিও আৰক্ষী থানা জ্বলোৱা ঘটনাৰ সৈতে জড়িত থকাৰ পূৰ্ণ তথ্য প্ৰমাণ নথকাৰ বাবে পৰৱৰ্তী সময়ত ১৪ জনকৈ লোকক মোকলাই দিয়ে নগাঁও আৰক্ষীয়ে । সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে আৰু কয় যে বুধবাৰে নিশা বটদ্ৰৱাৰ হাইডুবি আৰু ভোমোৰাগুৰিৰ পৰা আটক কৰিছিল জেহেৰুল ইছলাম আৰু উমৰ ফাৰুকক ।

ইয়াৰে জেহেৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আটকাধীন উমৰ ফাৰুকক সোধ-পোছ অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । ইপিনে আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাত বহু অপৰাধী লোক জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে। ড্ৰাগছ মাফিয়াকে ধৰি বহু অপৰাধীৰ উচটনিতেই বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণ হোৱাৰ তথ্যও নগাঁও আৰক্ষীয়ে লাভ কৰিছে ।

বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাত জড়িত লোকৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যৰ সৈতে জড়িত আছে নে নাই সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত আটাইকে কঠোৰতম শাস্তি প্ৰদান কৰক : শৃংখল চলিহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.