ETV Bharat / state

Nagaon Shahid Bhavan : গান্ধী জয়ন্তীৰ দিনাই পুনৰ উদ্বোধন হ’ল নগাঁও শ্বহীদ ভৱন - নগাঁও শ্বহীদ ভৱন

ন ৰূপত সজাই পুনৰ উদ্বোধন নগাঁও শ্বহীদ ভৱন । গান্ধী জয়ন্তীৰ দিনাই স্বাধীনতা আন্দোলনৰ সাক্ষী বহন কৰা নগাঁও শ্বহীদ ভৱনৰ শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই ।

Nagaon Shahid Bhavan inaugurated on Gandhi Jayanti 2023
ন ৰূপত সজাই পুনৰ উদ্বোধন নগাঁও শ্বহীদ ভৱন
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 7:31 AM IST

ন ৰূপত সজাই পুনৰ উদ্বোধন নগাঁও শ্বহীদ ভৱন

নগাঁও, ৩ অক্টোবৰ : ১৩০ বছৰ গৰকা নগাঁও শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰী ন ৰূপত সজাই গান্ধী জয়ন্তীৰ দিনাই পুনৰ মুকলি কৰা হয় ৰাইজৰ বাবে । এক নতুন ৰূপ লাভ কৰা নগাঁও শ্বহীদ ভৱনটি সোমবাৰে উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই । নগৰ উন্নয়ন পুঁজিৰ প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নগাঁও শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰীৰ আধুনিকীকৰণ কৰা হয় ।

বছৰ বছৰ ধৰি মেৰামতি অভাৱত থকা শ্বহীদ ভৱনটি অৱশেষত বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত মেৰামতি আৰু আধুনিকীকৰণ কৰি এক নতুন ৰূপত সজাই তোলা হৈছে । ১৮৯৪ চনত পুথিভঁৰাল হিচাপে স্থাপন হৈছিল বৰ্তমানৰ শ্বহীদ ভৱন । উদ্যোগ লৈছিল সেই সময়ৰ নগাঁও পৌৰ সভাৰ উপ পৌৰপতি ৰাম দুৰ্লভ মজুমদাৰ, মতিলাল বসুৰ লগতে বহু বৰেণ্য ব্যক্তি । এই ক্ষেত্ৰত এজন ইংৰাজ বিষয়াৰ নামো উল্লেখযোগ্য ।

তেওঁ আছিল সেই সময়ৰ নগাঁও জিলা উপায়ুক্ত কেপ্তেইন এইচ এম হেলিড । হেলিড হল নামেৰে নামাকৰণ কৰা হৈছিল পুথিভঁৰালৰ সভাগৃহৰ । দেশে স্বাধীনতা লাভ কৰাৰ পিচত পুথিভঁৰালটো স্থায়ীভাৱে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ১৮৮৪ চনত তেতিয়াৰ অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে আধাৰশিলা স্থাপন কৰিছিল বৰ্তমানৰ এই শ্বহীদ ভৱন অৰ্থাৎ সেই সময়ৰ হেলিড হল । ১৯৫০ চনতে সম্পন্ন হৈছিল নিৰ্মাণকাৰ্য ।

তেতিয়াৰ ৰাজ্যপাল শ্ৰী প্ৰকাশে উদ্বোধন কৰিছিল নতুনকৈ শ্বহীদ ভৱন হিচাপে । স্বাধীনতা আন্দোলন, অসম আন্দোলনৰ বহু সাক্ষী বহন কৰি আহিছে এই শ্বহীদ ভৱন । পুনৰ মেৰামতি আৰু আধুনিকীকৰণ কৰি ঐতিহ্যমণ্ডিত নগাঁও শ্বহীদ ভৱনটি পুনৰ ৰাইজৰ বাবে মুকলি কৰি দিয়াত সন্তুষ্টি প্ৰকাশ বহু নগঞাৰ ৷

নগাঁও শ্বহীদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও উকীল সন্থাৰ বিষয়ববীয়া, নগঞা বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Nagaon Shahid Bhavan: নতুন ৰূপ পালে বহু ঐতিহ্যবহনকাৰী নগাঁও শ্বহীদ ভৱনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.