ETV Bharat / state

কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ - nagaon sp anand mishra

কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ । নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা আনন্দ মিশ্রৰ প্ৰশংসা এতিয়া নগাঁওবাসীৰ মুখে মুখে । বহুতেই জ্ঞাপন কৰিছে সম্বৰ্ধনা । নগাঁও খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ হাতৰ পৰশত প্ৰাণ পাইছে আনন্দ মিশ্রৰ প্ৰতিচ্ছবি ।

nagaon-police-drive-against-crime
কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্রৰ
author img

By

Published : May 31, 2021, 7:56 PM IST

Updated : May 31, 2021, 8:10 PM IST

নগাঁও, 31 মে’ : নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে এই পি এছ বিষয়া আনন্দ মিশ্রৰ যোগদানৰ পিছতেই হাহাকাৰ লাগিছে নগাঁৱৰ অপৰাধ জগতত । একপ্ৰকাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা নগাঁৱক অপৰাধমুক্ত কৰিবলৈ আনন্দ মিশ্রৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে চলায়েই আছে এটাৰ পাচত আনটো সফল অভিযান ।

নগাঁৱত যোগদান কৰিয়েই আনন্দ মিশ্রৰ প্ৰথম অংগীকাৰ ড্ৰাগছমুক্ত নগাঁও গঢ়াৰ । যোগদান কৰাৰ দ্বিতীয়টো দিনৰ পৰাই আনন্দ মিশ্ৰ নিজেই নামি পৰে ড্ৰাগছ বিৰোধী অভিযানত । লগে লগে অধিক সক্ৰিয় হৈ পৰে নগাঁও আৰক্ষী ।

জিলাখনৰ প্ৰতিটো এলেকাতেই চলি আছে ড্ৰাগছ বিৰোধী ব্যাপক অভিযান । আনন্দ মিশ্ৰ যোগদান কৰাৰ দুটা সপ্তাহতে নগাঁও আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয় বৃহৎ সফলতা ।

দুটা সপ্তাহত 40 টাতকৈও অধিক অভিযান চলাই 70 জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । জব্দ কৰিবলৈ সক্ষম হয় তিনিটাকৈ মাৰণাস্ত্ৰ, কেইবা জাই সজীৱ গুলি, বুজন পৰিমাণৰ হেৰ'ইন, ব্ৰাউন চুগাৰ, বাইক আৰু চাৰিচকীয়া বাহন ।

কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্রৰ

তদুপৰি আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰা দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক গুলিয়াই আহত কৰে নগাঁও আৰক্ষীয়ে । দেওবাৰে মাজনিশা নগাঁৱৰ জুৰীয়াত অভিযান চলাই নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে ।

অভিযানৰ সময়ত বিভিন্ন অপৰাধৰ সৈতে জড়িতৰ অভিযুক্ত জাইতুল কবিৰে আৰক্ষীক গুলিওৱাৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলিচালনা কৰে জাইতুলক । ভৰিত গুলীবিদ্ধ হৈ আহত জাইতুলৰ পৰা এটা পিষ্টল, সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।

শুকুবাৰে সন্ধিয়া নগাঁৱৰ ছোট'ৰূপহীত চলোৱা অভিযানৰ সময়ত আৰক্ষীক পিষ্টলেৰে ভাবুকি দি পলায়নৰ চেষ্টা কৰা মুনচুৰৰ ভৰিলৈ গুলিয়াই আৰক্ষীৰ দলে । আৰক্ষীৰ গুলিত আহত মুনচুৰক আটক কৰি আৰক্ষীৰ দলে জব্দ কৰে এটা পিষ্টলৰ লগতে ছয় জাই সজীৱ গুলী, বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ।

এইগৰাকী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ অপৰাধীৰ মূৰৰ কামোৰণি হৈ পৰাৰ বিপৰীতে প্রিয় হৈ পৰিছে নগাঁওবাসীৰ । পুৱাই আৰক্ষী অধীক্ষক আনন্দ মিশ্রক এতিয়া সম্বৰ্ধনা জনাবলৈ ভিৰ কৰে বিভিন্নজনে । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি ধ্বংসমুখে গতি কৰা যুৱপ্ৰজন্মক উভতাই অনাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আনন্দ মিশ্রক ধন্যবাদ জনাইছে যুৱ সমাজেও ।

অতি কম সময়ৰ ভিতৰতে ছাত্ৰ সমাজ, যুৱ সমাজৰ মাজতো যথেষ্ট জনপ্ৰিয় হৈ পৰিছে এইগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰ । আনন্দ মিশ্রক বিভিন্নজনে দিছে বিভিন্ন উপহাৰো ।

নগাঁও খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ অৰ্কিড কাশ্যপ বৰা নামৰ ছাত্ৰগৰাকী হাতৰ পৰশত প্ৰাণ পাইছে আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ প্ৰতিচ্ছবি । ছাত্ৰজনে নিজ হাতেৰে প্রিয় আৰক্ষী বিষয়াজনৰ ছবি অংকণ কৰি প্ৰদান কৰিছে আনন্দ মিশ্রক ।

নগাঁৱত যোগদান কৰিয়েই দুটা সপ্তাহত কেবাটাও অভিযান চলাই অসামজিক কাৰ্যৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰা এছ পি আনন্দ মিশ্ৰক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক: ছিণ্ডিকেটৰে জড়িত নেকি ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ?

Last Updated : May 31, 2021, 8:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.