ETV Bharat / state

নগাঁৱত ঈদ-উল-ফিতৰৰ পূৰ্ণ প্ৰস্তুতি - ঈদ প্ৰস্তুতি

পৱিত্ৰ ঈদ-উল-ফিতৰৰ বাবে মাজত মাত্ৰ এটা দিন থকা সময়তে নগাঁৱত ঈদ-উল-ফিতৰৰ চলিছে পূৰ্ণ প্ৰস্তুতি, ঈদ-উল-ফিতৰৰ বাবে সাজু হৈ উঠিছে ইছলাম ধৰ্মালম্বী লোকসকল

ঈদ উল ফিতৰৰ পূৰ্ণ প্ৰস্তুতি নগাঁৱত
author img

By

Published : Jun 4, 2019, 2:42 PM IST

নগাঁও,৪জুন : আজি পৱিত্ৰ ৰমজান মাহৰ অন্তিমটো দিন । পৱিত্ৰ ঈদ-উল-ফিতৰৰ বাবে মাজত মাত্ৰ এটা দিন থকা সময়তে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলিছে ঈদ-উল-ফিতৰৰ পূৰ্ণ প্ৰস্তুতি । নগাঁৱতো ইছলাম ধৰ্মালম্বী লোকসকল সাজু হৈ উঠিছে ঈদ-উল-ফিতৰৰ বাবে । বিবিধ খাদ্যৰ পৰা আৰম্ভ কৰি সাজ-পোছাকৰ লগতে বিভিন্ন সুগন্ধিৰে ভৰি পৰিছে নগাঁৱৰ ঢাকাই পট্টি, ষ্টেডিয়াম মাৰ্কেট আদি বজাৰসমূহ ।

ঈদ উল ফিতৰৰ পূৰ্ণ প্ৰস্তুতি নগাঁৱত

ইফালে, এই ঈদ-উল-ফিতৰৰ বাবে অসাধু ব্যৱসায়ীয়ে সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰো এক অভিযোগ উত্থাপিত হৈছে । নিজ ইচ্ছামতেই একাংশ দোকানীয়ে কাপোৰৰ মূল্য বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে ।

Intro:নগাঁৱতো ঈদ উল ফিতৰৰ পূৰ্ণ প্ৰস্তুতি। নিজ ইচ্ছামতেই বৃদ্ধি কৰিছে বিভিন্ন সামগ্ৰীৰ।

Body:ৰমজানৰ এমহীয়া ৰোজা আৰু তাৰ পিছত ঈদ উল ফিতৰ। ঈদ উল ফিতৰ জোনৰ ওপৰত নিৰ্ভৰ কৰে যদিও কাইলৈ এই পবিত্ৰ উৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক। এমহীয়া ৰোজা পালনৰ অন্তত এতিয়া ঈদ উল ফিতৰৰ পূৰ্ণ প্ৰস্তুতিত ব্যস্ত প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোক। অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো দেখা গল অন্তহীন ব্যস্ততা। নগাঁৱৰ ঢাকাই পট্টি, ষ্টেডিয়াম মাৰ্কেট আদি বজাৰত আজিৰ দিনটোত বিভিন্ন সামগ্ৰী ক্ৰয়ৰ বাবে ভিৰ কৰিছে বিভিন্নজনে। আনন্দৰ উৎসৱত এযোৰ নতুন কাপোৰ পৰিধান কৰিবলৈ কাপোৰৰ দোকানতো ভিৰ বিভিন্ন জনৰ। ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে। নিজ ইচ্ছামতেই একাংশ দোকানীয়ে বৃদ্ধি কৰিছে কাপোৰৰ মূল্য। একেদৰে বিভিন্ন ৰং বিৰঙী পিঠাৰেও ভৰি পৰিছে নগাঁৱৰ বজাৰ। বিভিন্ন সুগন্ধিৰ দোকানতো ভিৰ হোৱা পৰিলক্ষিত হৈছে।
bite.
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৪-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.