ETV Bharat / state

Suresh Borah quits Congress: কংগ্ৰেছৰ সংগ ত্যাগ সুৰেশ বৰাৰ - Suresh Borah Congress

দীৰ্ঘদিন কংগ্ৰেছৰ হৈ ৰাজনীতি কৰাৰ অন্তত শুকুৰবাৰে দলটোৰ সকলো বিষয়বাব ত্যাগ কৰিলে সুৰেশ বৰাই ৷ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি আছিল সুৰেশ বৰা ৷ তেওঁৰ এই আকস্মিক সিদ্ধান্তই হাহাকাৰ সৃষ্টি কৰিছে নগাঁও জিলা কংগ্ৰেছত ৷

Suresh Borah quits Congress
Nagaon district Congress president
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 6:07 PM IST

নগাঁও, 10 অক্টোবৰ: অৱশেষত কংগ্ৰেছক বিদায় জনালে নগাঁৱৰ কংগ্ৰেছ নেতা, জিলা কংগ্ৰেছৰ সভাপতি তথা বঢ়মপুৰ সমষ্টিৰ পৰা যোৱা তিনিটা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি পৰাজয় বৰণ কৰা সুৰেশ বৰাই ৷ শুকুৰবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা ইস্তফা দিয়াৰ লগতে দলটোৰ সাধাৰণ সদস্যৰ পদো ত্যাগ কৰে ৷ তেওঁৰ লগতে কংগ্ৰেছ ত্যাগ কৰে যথেষ্ট সংখ্যক সমৰ্থকেও ৷

উল্লেখ্য যে, দলীয় অন্তঃকন্দল তথা কংগ্ৰেছৰ এটা মহলৰ ষড়যন্ত্ৰৰ বাবেই সুৰেশ বৰাই এই সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে । পদত্যাগ সম্পৰ্কে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই নেতাগৰাকীয়ে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰসংগটো এৰাই চলা দেখা গ’ল সুৰেশ বৰাক । অৱশ্যে পদত্যাগ কৰাৰ কথা অস্বীকাৰো কৰা নাই সুৰেশ বৰাই ।

বিগত তিনিটাকৈ নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলি পৰাজিত হৈছিল সুৰেশ বৰা । 2011 আৰু 2016 চনত অগপৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত পৰাস্ত হৈছিল সুৰেশ বৰা ৷ ইফালে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে থিয় দিছিল যদিও তৃতীয়বাৰো বঢ়মপুৰৰ ৰাইজে অস্বীকাৰ কৰে সুৰেশ বৰাক ৷

নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা সুৰেশ বৰাই আকস্মিকভাৱে কংগ্ৰেছ ত্যাগ কৰা কাৰ্যই ৰাজনৈতিক মহলৰ সকলোকে আচৰিত কৰি তুলিছে ৷ এতিয়া কংগ্ৰেছৰ বিকল্প হিচাপে কোন সুৰেশ বৰাই কোন দলত যোগ দিব সেয়া নিশ্চিত হোৱা নাই ৷ চৰ্চা চলা মতে পূৰ্বতে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকা, জয়ন্তমল্ল বৰুৱা, পল্লৱ লোচন দাস, সুশান্ত বৰগোঁহাই, ৰূপজ্যোতি কুৰ্মী, বলিন চেতিয়া, মানৱ ডেকা আদিয়ে দেখুৱাই যোৱা বাটেৰেই খোজ দি বিজেপি দলত যোগ দিব পাৰে সুৰেশ বৰাই ৷

সুৰেশ বৰা কোন ?

স্বাধীন অসমৰ সপোন দুচকুত লৈ চাৰিটা দশক নিৰৱচ্ছিন্নভাৱে সশস্ত্ৰ সংগ্ৰাম চলাই অহা সংযুক্ত মুক্তিবাহিনী অসম চমুকৈ আলফাৰ এগৰাকী সদস্য আছিল সুৰেশ বৰা ৷ সংগঠনত থকা কালত তেওঁ জিলা পৰ্যায়ৰ শীৰ্ষ নেতা আছিল ৷ কিন্তু এসময়ত তেওঁ সংগঠন ত্যাগ কৰি ছালফা হয় ৷ তাৰ পিচতেই তেওঁ যোগ দিয়ে কংগ্ৰেছত ৷

2011 চনত প্ৰথমবাৰৰ বাবে বঢ়মপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়ায় সুৰেশ বৰাই ৷ তেওঁ প্ৰতিদ্বন্দী আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ সেই নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই 55,889 টা ভোট লাভ কৰাৰ বিপৰীতে সুৰেশ বৰাই লাভ কৰিছিল 39,933 টা ভোট ৷ মুঠ 15,956 টা ভোটৰ ব্যৱধানত পৰাস্ত হয় সুৰেশ বৰা ৷

ইফালে, 2016 চনত পুনৰ কংগ্ৰেছে বঢ়মপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে সুৰেশ বৰাক ৷ এইবাৰো সমুখত প্ৰফুল্ল কুমাৰ মহন্ত ৷ গুপ্তহত্যাৰ অভিযোগৰ চেকা গাত লাগি থাকিলেও বঢ়মপুৰত শক্তিশালী আছিল মহন্তৰ স্থিতি ৷ 2016 ৰ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই মুঠ 65,768 টা ভোট লাভ কৰে ৷ কঠিন প্ৰতিদ্বন্দিতা আগবঢ়াই সুৰেশ বৰায়ো 60599 টা ভোট লাভ কৰে যদিও 5,169 টা ভোটত পৰাস্ত হয় ৷

2021 চনত মিত্ৰতাৰ সুবাদত অগপই দীৰ্ঘদিন ধৰি জয়ী হৈ অহা বঢ়মপুৰ সমষ্টি এৰি দিবলৈ বাধ্য হয় বিজেপিক ৷ লগে লগে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও ৷ বিজেপিয়ে বঢ়মপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰে জিতু গোস্বামীক ৷ 2016 ৰ নিৰ্বাচনত চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ হাতত পৰাস্ত হোৱা জিতু গোস্বামী 2021 ত আহিল বঢ়মপুৰলৈ ৷ কংগ্ৰেছে পুনৰ এবাৰ সুযোগ দিলে সুৰেশ বৰাক ৷

আপাতঃ দৃষ্টিত বঢ়মপুৰত সুৰেশ বৰাৰ গণভিত্তি উলাই কৰিবলগীয়া নাছিল ৷ জিতু গোস্বামীতকৈ সুৰেশ বৰা বেছি ঘৰুৱা আছিল বঢ়মপুৰৰ ভোটাৰ ৰাইজৰ বাবে ৷ কিন্তু নিৰ্বাচনত এইবাৰো সৌভাগ্যই লগ নিদিলে সুৰেশ বৰাক ৷ 2021 ৰ নিৰ্বাচনত বঢ়মপুৰত জিতু গোস্বামীয়ে লাভ কৰে মুঠ 70,111 টা ভোট আৰু সুৰেশ বৰাই লাভ কৰে 69,360 টা ভোট ৷ মাত্ৰ 751 টা ভোটত পুনৰ পৰাজয়ৰ সন্মুখীন হ’ল সুৰেশ বৰা ৷

অৱশ্যে 2019 চনৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈক বিজয়ী কৰোৱাৰ ক্ষেত্ৰত সুৰেশ বৰাৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ ৷ হঠাৎ বৰাই কংগ্ৰেছ ত্যাগ কৰাত নগাঁও জিলা কংগ্ৰেছত হাহাকাৰ লগা দেখা গৈছে ৷

লগতে পঢ়ক: Pijush Hazarika slams congress: সহযোগী দলক লেং মৰাৰ ডাঙৰ ইতিহাস আছে কংগ্ৰেছৰ: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.