ETV Bharat / state

কংগ্ৰেছত গাঁও পঞ্চায়তৰ টিকটৰ মূল্য 15 লাখ ! - congress

বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ বিস্ফোৰক মন্তব্য। বৃহৎ ধনৰ লেনদেন হয় কংগ্ৰেছত । কংগ্ৰেছত গাঁও পঞ্চায়তৰ টিকট ১৫ লাখ টকাত বিক্ৰী হয় বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

nagaon_bjp_meeting_
কংগ্ৰেছত 15লাখত বিক্ৰী হয় গাঁও পঞ্চায়তৰ টিকট : মজিবুৰ ৰহমান
author img

By

Published : Nov 16, 2020, 10:45 PM IST

Updated : Nov 17, 2020, 9:33 AM IST

নগাঁও,16নৱেম্বৰ: কংগ্ৰেছত এটা গাঁও পঞ্চায়তৰ টিকট বিক্ৰী হয় ১৫ লাখ টকাত,ধনৰ লেনদেন নোহোৱাকৈ কংগ্ৰেছত নহয় প্ৰাৰ্থীত্ব। এই বিস্ফোৰক অভিযোগ সদ্য কংগ্ৰেছ ত্যাগী প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ । সোমবাৰে নগাঁৱৰ ভকতগাঁৱত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ বুথ সমিতিৰ সভাত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ন বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে ।

কংগ্ৰেছত 15লাখত বিক্ৰী হয় গাঁও পঞ্চায়তৰ টিকট : মজিবুৰ ৰহমান

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত কংগ্ৰেছৰ যি চৰিত্ৰ আছিল সেইয়া এতিয়া সলনি হোৱা বুলিও উল্লেখ কৰে প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে ৷ এই সভাত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷ শৰ্মাই চৰকাৰৰ উন্নয়নমূলক কামৰ কথা অৱগত কৰাৰ লগতে কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন বিধায়কে কেৱল অগাধ সম্পত্তিৰ গৰাকী হোৱা বুলিও এক বিস্ফোৰক মন্তব্য কৰে সংবাদ মাধ্যমৰ সন্মুখত ।

অন্য এক খবৰৰ বাবে: মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৃষকৰ

Last Updated : Nov 17, 2020, 9:33 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.