নগাঁও, ২৪ মে': নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । জিলাখনৰ লক্ষণযুক্ত আৰু বিনা লক্ষণযুক্ত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যজনিত আৰু কণ্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ লোকসকল, বিপদগ্রস্ত লোকসকলৰ খাদ্য সংক্ৰান্তীয় যিকোনো সমস্যা সমাধানৰ বাবে দুগৰাকী নোডেল বিষয়া নিলম প্ৰসাদ বৰা আৰু ৰূপ ৰঞ্জন দাসক দায়িত্ব অৰ্পণ কৰিছে জিলা প্ৰশাসনে ।
এই অনুসৰি ক'ভিড-১৯ত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলে যিকোনো স্বাস্থ্যজনিত সমস্যা যেনে - ১০৮ এম্বুলেন্স সেৱা, চিকিৎসালয় সেৱা আদিৰ বাবে নিলম প্ৰসাদ বৰা, সহকাৰী কাৰ্যবাহী অভিযন্তা, জলসিঞ্চন বিভাগ নগাঁও, ৭০০২৫৩৩১২৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ।
আনহাতে, কণ্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ লোকসকল আৰু বিপদগ্রস্ত লোকসকলৰ খাদ্য যোগান সংক্ৰান্তীয় ব্যৱস্থাৰ বাবে ৰূপ ৰঞ্জন দাস, জ্যেষ্ঠ হিচাব পৰীক্ষক, সমবায় বিভাগ, নগাঁও, ৭০০২৩৪৮৬৩২ নম্বৰত যোগাযোগ কৰিব পাৰিব ।
লগতে পঢ়ক: মৰাণত দেওবাৰে ৫৯ গৰাকী ক'ভিড-19 ত আক্ৰান্ত