ETV Bharat / state

ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা - Bholaguri Samabay Smiti

ৰাষ্ট্ৰীয় কৃষি গ্ৰ‍াম‍্য উন্নয়ন বেংকৰ 'ই-শক্তি' প্ৰকল্পৰ আঁচনিক সফলভাৱে ৰূপায়ণ কৰি ৰাজ্যৰ পাঁচখন জিলাৰ ভিতৰত ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে লাভ কৰিলে নাবাৰ্ডৰ 'গুড-পাৰ্ফমেঞ্চ' বঁটা ৷ ১৯২০ চনতে স্থাপন হোৱা সমবায় সমিতি খনে কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে ৷

ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা

author img

By

Published : Jan 20, 2021, 9:20 AM IST

Updated : Jan 20, 2021, 10:43 AM IST

কলিয়াবৰ,20 জানুৱাৰী: দেশৰ সমবায় খণ্ডৰ স্বৰ্ণিল ইতিহাস বুকুত বান্ধি স-গৌৰৱৰে শতবৰ্ষ অতিক্ৰম কৰিলে মাত্ৰ ৬৭০ টকা মূলধনৰে গঠিত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে। কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা এই শতবৰ্ষ গৰকা সমবায় সমিতিখনৰ স্বৰ্ণিল ইতিহাসত সংযোজিত হ'ল আৰু এক সন্মান। ৰাষ্ট্ৰীয় কৃষি গ্ৰ‍াম‍্য উন্নয়ন বেংকৰ 'ই-শক্তি' প্ৰকল্পৰ আঁচনিক সফলভাৱে ৰূপায়ণ কৰি ৰাজ্যৰ পাঁচখন জিলাৰ ভিতৰত ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে লাভ কৰে নাবাৰ্ডৰ 'গুড-পাৰ্ফমেঞ্চ' বঁটা।

ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা
ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা

উল্লেখ্যে যে, ১৯২০ চনতে স্থাপন হোৱা ভোলাগুৰি সত্ৰ সমবায় সমিতিয়ে 'ই-শক্তি' প্ৰকল্পৰ আঁচনিৰ জৰিয়তে ১১০০ টা আত্মসহায়ক গোটৰ কাম-কাজৰ সকলো তথ্য যোগান ধৰিছিল নাবাৰ্ডক ৷ কৃষক আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা আগবঢ়োৱা সমবায় সমিতিখনে ২০১৫ চনৰ পৰা প্ৰায় 400টা আত্মসহায়ক গোটৰ মাজত চাৰি কোটিৰো অধিক টকাৰ ঋণ বিতৰণ কৰিছে । তেতিয়াৰে পৰা সুন্দৰ ভাৱে কাম কৰি অহাত নাবাৰ্ডৰ ফালৰ পৰা সমিতি খনলৈ প্ৰদান কৰা হয় 'গুড-পাৰ্ফমেঞ্চ' বঁটা ৷

তাৰোপৰি 2020 চনতে শতবৰ্ষ গৰকা সমবায় সমিতিখনে শতবৰ্ষ উদযাপনৰ দিহা কৰিছিল যদিও দেশত কৰ'ণা সংক্ৰমণৰ বাবে শতবৰ্ষৰ সকলো কাৰ্য‍সূচী বাতিল কৰিবলগীয়া হয় ৷ সম্প্ৰতি সংক্ৰমণৰ হাৰ কিছু নিয়ন্ত্ৰণলৈ অহাত চলিত বছৰৰ মাৰ্চ মাহত সমিতিখনে শতবৰ্ষৰ কাৰ্য‍সূচী সমূহ আনুষ্ঠানিকভাবে সমাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : অসমত বসবাস কৰা বড়ো,আদিবাসী,নেপালী সকলোৱে খিলঞ্জীয়া : মন্ত্রী ৰঞ্জিত দত্ত

Last Updated : Jan 20, 2021, 10:43 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.