নগাঁও, 17 আগষ্টঃ নগাঁও কঠিয়াতলীৰ টুবুকী গ্ৰান্টত সোমবাৰে পুৱতি নিশা সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড । টুবুকী গ্ৰান্টৰ জোচনাৰা বেগম (৪০) নামৰ এগৰাকী মহিলাক শোৱা পাটিতে হত্যা কৰি থৈ যায় দুৰ্বৃত্তই । খবৰ অনুসৰি, সোমবাৰে পুৱতি নিশা মৃত জোচনাৰা বেগমৰ বাসগৃহৰ বেৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰা চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে জোচনাৰা বেগমক ঘপিয়াই হত্যা কৰে । আনকি মহিলা গৰাকীক হত্যা কৰি তেওঁৰ দহ বছৰীয়া সন্তানকো ভাবুকি প্ৰদান কৰি দুৰ্বৃত্তৰ দলটো সেই স্থানৰ পৰা আতৰি যায় । ইয়াৰ পিছতেই হত্যাকাণ্ড সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোৱে কিছু দূৰত থকা মৃত জোচনাৰা বেগমৰ ভাতৃ আব্দুল ছাহিদৰ ঘৰৰ সন্মুখলৈ আহি ছাহিদৰ ঘৰলৈ তিনি জাই গুলি নিক্ষেপ কৰে আৰু তাৰ পৰা আতৰি যায় ।
বৰ্তমানলৈকে হত্যাৰ কাৰণ স্পষ্ট হোৱা নাই যদিও মৃত জোচনাৰাৰ পৰিয়ালৰ সদস্যই জানিব দিয়া অনুসৰি, জোচনাৰাই মকবুৰ হুছেইন নামৰ এজন ব্যক্তিৰ পৰা প্ৰায় চল্লিশ হাজাৰ টকা পাবলগীয়া আছিল । জোচনাৰাই পাবলগীয়া ধনৰাশি মকবুৰক বিচাৰিছিল যদিও ধনৰাশি ঘূৰাই দিয়া নাছিল । যাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে জোচনাৰাৰ পৰিয়ালে ৷ আনহাতে, ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়কঃ লাম্পি সমস্যাক লৈ গোৰ্খা ছাত্ৰ সন্থাৰ অভিযোগ নস্যাৎ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ