ETV Bharat / state

কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক ভূমি এৰি দিয়া নহ’ব: সাংসদ অজিত ভূঞা - প্ৰতিবাদ

বুধবাৰে নগাঁৱত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা,সাংবাদিক মনজিৎ মহন্ত,লাচিত বৰদলৈসহ এক সঁজাতি দলৰ প্ৰতিবাদ ৷ বঢ়মপুৰৰ বামুনীৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লাণ্ট প্ৰজেক্ট স্থাপন কৰা আৰু বিভিন্ন চৰকাৰী কাৰ্যৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে সঁজাতি দলটোৱে ৷

MP Ajit Bhuyan protest in Nagaon
সাংসদ অজিত ভূঞাৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন
author img

By

Published : Oct 15, 2020, 7:11 AM IST

নগাঁও,15 অক্টোবৰ: নগাঁৱৰ বঢ়মপুৰৰ বামুনীৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লাণ্ট প্ৰজেক্ট স্থাপন কৰাক লৈ বামুনী আমডাঙাত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন । প্ৰতিবাদত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা,সাংবাদিক মনজিৎ মহন্ত,লাচিত বৰদলৈসহ এটা দল । অজিত ভূঞাই হুংকাৰ দি কয় যে,কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক মাটি এৰি দিয়া নহ'ব ।

অসম চৰকাৰৰ অনুমোদন সাপেক্ষে APDCLৰ জৰিয়তে ‘আজুৰ’ কোম্পানীয়ে বঢ়মপুৰৰ হায়ংথলৰ নিকটৱৰ্তী আমদাঙা গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে । কিন্তু এনে কাৰ্যত অসন্তুষ্ট হৈ দখল কৰি থকা বামুনী হায়ংথলৰএকাংশ লোকে ন্যায়ালয়ৰ কাষ চাপে । ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কৃষকৰ উচ্ছেদ বন্ধ কৰা,কৃষক-শ্ৰমিক বিৰোধী আইনসমূহ প্ৰত্যাহাৰ,নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ লগতে ৰাজ্যখনত সংঘটিত হোৱা বিয়াগোম SI কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীৰে CPI আৰু নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত অনুষ্ঠিত সভাত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা,সাংবাদিক মনজিৎ মহন্ত,মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ,ৰাছেল হুইছেনসহ এটা সঁজাতি দল বামুনী আমডাঙাত উপস্থিত হয় ।

খিলঞ্জীয়া তথা দৰিদ্ৰ কৃষক ৰাইজৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বকভাৱে দখল কৰা কাৰ্যৰ বিৰুদ্ধে সাংসদ অজিত ভূঞা সোচ্চাৰ হৈ পৰে । উক্ত বিক্ষোভ কাৰ্যসূচী পৰাই আমদাঙাৰ এজনো কৃষকৰ কৃষিভূমি বণিয়াক গতাই দিয়া নহ’ব বুলি হুংকাৰ দিয়ে সাংসদ অজিত ভূঞাই । আনহাতে ভূমি ৰক্ষা কৰিবলৈ গৈ আৰক্ষীৰ হাতত যি সকল লোক গ্ৰেপ্তাৰ হ’বলগীয়া হয়,সেই কৃষকসকলক ন্যায় ব্যৱস্থাৰ জৰিয়তে মুক্তি দিবৰ বাবে প্ৰশাসনৰ ওচৰত আহ্বান জনায় ।

সাংসদ অজিত ভূঞাৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন

ইয়াৰোপৰি মিকিৰ-বামুনী গ্ৰাণ্টৰ মাটিখিনি চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে কোনো ধৰণৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বহিৰাগত বণিক গোষ্ঠীক চমজাই দিয়াৰ লগতে বিগত 10 বছৰে সেই কৃষিভূমিত কোনো খেতি নহয় বুলি মিছা তথ্য প্ৰদান কৰি বণিক গোষ্ঠীক ৰঙা দলিছা পাৰি দি ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সঁজাতি দলটোৱে ।

লগতে পঢ়ক: নোমল ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.