ETV Bharat / state

ৰমজানৰ মাজতে দুই ফৈদৰ সংঘৰ্ষত জ্বলিল মছজিদ !

পবিত্ৰ ৰমজানৰ মাজতে ধিঙত দাউ দাউকৈ জ্বলিল এটা মছজিদ ৷ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষ ফলতে সংঘটিত হয় এই অভাৱনীয় ঘটনা ৷ প্ৰথমে ভাঙি চূড়মাৰ কৰি পাচত জ্বলাই দিয়া হ'ল মছজিদটো ৷

author img

By

Published : May 3, 2020, 1:06 PM IST

Updated : May 3, 2020, 1:49 PM IST

mosque burnt by miscreant in dhing, nagaon

বটদ্ৰৱা, 3 মে' : বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহ উপলক্ষে পালন কৰিছে ৰোজা ৷ কিন্তু এই ৰমজান মাহতেই অসমত জ্বলিল এটা মছজিদ ৷ ব্যক্তিগত বিবাদৰ ফিৰিঙতি চিটিকি ছাৰখাৰ হ'ল ধৰ্মীয় উপাসনা স্থলী ৷ খোদ ইছলাম ধৰ্মীয় লোকেই জ্বলালে মছজিদটো ৷

ধিঙৰ শ'লগুৰি জানপাৰত সংঘটিত হৈছে এই নিকৃষ্ট ঘটনা ৷ এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ ৷ তাৰ ফলশ্ৰুতিতেই দেওবাৰে পুৱা জামাল উদ্দিন আৰু আব্দুল মন্নাচ নামৰ লোক দুজনৰ নেতৃত্বত এদল উন্মত্ত লোকে গাঁওখনত আহি আক্ৰমণ চলায় ৷ দুয়ো পক্ষৰ সংঘাতত পুৰুষ মহিলাসহ পাঁচজন লোক আহত হয় ৷ উদণ্ড লোক কেইজনে হাতে হাতে দা-যাঠি, পিস্তল আদি লৈ লোকসকলক আক্ৰমণ কৰাৰ লগতে মছজিদটো ভাঙি জ্বলাই দিয়ে ৷

ৰমজানৰ মাজতে জ্বলাই ভস্মীভূত কৰা হ'ল এটা মছজিদ !

ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুওৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ ব্যক্তিগত বিবাদৰ বাবে পবিত্ৰ ৰমজান মাহত এইদৰে এটা মছজিদ জ্বলাই দিয়া ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : বিশ্বনাথত উত্তেজনাঃ চিকিৎসালয়লৈ যোৱাৰ অৱস্থাত ধৰ্ষণৰ চেষ্টা দুগৰাকী নাৰ্চক !

Last Updated : May 3, 2020, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.