ETV Bharat / state

Amrit Brikhshya Andolan: নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ - Set world record by planting of trees

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত অমৃত বৃক্ষ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই গছপুলি ৰোপণ কাৰ্যসূচী । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তটো ৰূপায়ণ কৰা হয় গছপুলি । উক্ত গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।

MLA Rupak Sarmah plants saplings in Nagaon
নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:28 PM IST

নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ

নগাঁও, ১৭ ছেপ্টেম্বৰ: দেওবাৰৰ পৰা ২০ ছেপ্টেম্বৰ নিশা ১২ বজালৈ অমৃত বৃক্ষ আন্দোলনৰ বিশেষ কার্যসূচী আৰম্ভ হৈছে । অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১ কোটি গছ পুলি ৰোপণেৰে অভিলেখ সৃষ্টিৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে । সেই লক্ষ্যৰেই দেওবাৰে পুৱা জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে 'অমৃত বৃক্ষ আন্দোলন'ৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হয় গছপুলি ।

ব্যতিক্ৰম নহয় নগাঁও । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে নগাঁও পৌৰ সভায়ো গ্ৰহণ কৰে বৃক্ষ ৰোপণ কাৰ্যসূচী । বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই দেওবাৰে নগাঁও জিলা পৌৰসভাই নগাঁও চহৰৰ তিনি স্থানত গছপুলি ৰোপণ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানক অসমৰ ৰাইজে সঁহাৰি জনাই নগাঁও পৌৰসভাই গ্ৰহণ কৰা গছপুলি ৰোপণ কাৰ্যাসূচীত অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃক্ষ আন্দোলনত সঁহাৰি জনোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰূপক শৰ্মাই । লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজাদিনত এনে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি যথেষ্ট সুখী বুলি ব্যক্ত কৰে বিধায়কগৰাকীয়ে । গছপুলি ৰোপণ অনুষ্ঠানটিত বিধায়কগৰাকীৰ লগত উপস্থিত থাকে নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ লগতে নগাঁও জিলা লৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ পৌৰপতি সীমান্ত বৰাৰ লগতে ৱাৰ্ড কমিছনাৰো ।

লগতে পঢ়ক: Amrit Brikhshya Andolan: 1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.