ETV Bharat / state

মাদ্ৰাছা শিক্ষাক লৈ হিমন্তই কুটিল ৰাজনীতি কৰিছে : আমিনুল ইছলাম

author img

By

Published : Dec 18, 2020, 9:56 AM IST

Updated : Dec 18, 2020, 2:09 PM IST

মাদ্ৰাছা শিক্ষা বন্ধ হোৱাক লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বিধায়ক আমিনুল ইছলামৰ ৷ মাদ্ৰাছা শিক্ষাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুটিল ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে ৷

mla aminul islam comments
বিধায়ক আমিনুল ইছলামৰ মন্তব্য

ৰূপহীহাট,18 ডিচেম্বৰ : ৰাজ্যত মাদ্ৰাছা শিক্ষা বন্ধ হোৱাক লৈ বৃহস্পতিবাৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি বিধায়ক আমিনুল ইছলামে কয় যে, ‘‘শত শত বৰ্ষ গৰকা অসমৰ মাদ্ৰাছা শিক্ষাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুটিল ৰাজনীতি কৰিছে । অসমৰ প্ৰায় এক তৃতীয়াংশ মুছলমানক মানসিক ভাৱে আঘাত কৰিছে হিমন্তই’’ ।

বিধায়ক আমিনুল ইছলামৰ মন্তব্য

আগন্তুক বিধানসভাত মাদ্ৰাছা বন্ধৰ বিৰুদ্ধে এআইইউডিএফে দাবী উত্থাপন কৰিব । মাদ্ৰাছা বন্ধ কোনোপধ্যেই মানি নলয় এআইইউডিএফে । ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে বিধায়ক গৰাকীয়ে ।

তেওঁ কয় যে, ‘‘হিমন্ত বিশ্ব শৰ্মাই আৰএছএছৰ কথা মতে মুছলমানসকলক হিন্দু ধৰ্মলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে । অসমৰ তথ্য নজনাকৈয়ে হিমন্ত বিশ্ব শৰ্মাই ছাৰ চৈয়দ চাদুল্লাৰ দিনত ছিনিয়ৰ মাদ্ৰাছা স্থাপন হোৱা বুলি ভুল কথা প্ৰচাৰ চলাইছে । আৰএছএছে স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰি মহাত্মা গান্ধীক হত্যা কৰিছে । বৰ্তমানৰ অসম চৰকাৰ ব্ৰিটিছৰ গোলাম আৰএছএছৰ দ্বাৰা পৰিচালিত’’ ।

লগতে পঢ়ক : বিজেপি কৰ্মীও এতিয়া নামি পৰিছে সুৰাৰ অবৈধ ব্যৱসায়ত !

Last Updated : Dec 18, 2020, 2:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.