ETV Bharat / state

সমবায় বেংকক আগুৱাই নিয়াৰ বাবে পদক্ষেপ ল’ব চৰকাৰে : নন্দিতা গাৰ্লোছা - Centenary program of bhalaguri satra samabai

কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় শতবর্ষ সমাৰোহ (100th anniversary of Bhalaguri Satra Samabai Samiti) ৷ অনুষ্ঠানটোৰ শেষৰদিনা শতবৰ্ষ অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকি গ্ৰাম্য অৰ্থনীতিত নতুন পদক্ষেপৰে সমবায় বেংকক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ প্ৰকল্প ল'ব বুলি মন্তব্য কৰে ৷

Minister Nandita Gorlosa at Bhalaguri Satra Samabai Samiti in Nagaon
কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবর্ষ অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোছা
author img

By

Published : Oct 11, 2022, 9:41 PM IST

কলিয়াবৰ, 11 অক্টোবৰ: কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিত নৱ জাগৰণ সৃষ্টি কৰা ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে সোমবাৰৰ পৰা পালন কৰে শতবর্ষ সমাৰোহ (Bhalaguri Satra Samabai Samiti) । ১৯২০ চনৰ প্ৰাক্ স্বাধীনতাৰ সময়ত স্থাপিত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে শতবর্ষ সমাৰোহ (Centenary of Bhalaguri Satra Samabai Samiti) ৷

এই সমাৰোহৰ শেষৰ দিনা কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবৰ্ষ অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকি গ্ৰাম্য অৰ্থনীতিত নতুন পদক্ষেপৰে সমবায় বেংকক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ প্ৰকল্প ল'ব বুলি মন্তব্য কৰে (Minister Nandita Gorlosa at Kaliabor) ৷ মঙলবাৰে অনুষ্ঠিত হোৱা এই কলিয়াবৰৰ এশ গৰাকী বিশিষ্ট ব্যক্তিয়ে এশখন পতাকা উত্তোলন কৰি অনুষ্ঠানটোৰ কাৰ্যসূচীৰ পাতনি মেলে ।

কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবর্ষ অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোছা

মাত্ৰ ৬৭০ টকা মূলধনৰে কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিত নৱ জাগৰণ সৃষ্টি কৰা ভলাগুৰি সত্ৰ সমবায় সমিতি বৰ্তমান ৬ কোটিৰো অধিক টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী ৷ অনুষ্ঠানৰ শেষৰ দিনা সমবায় খণ্ডলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানটোত প্ৰাক্তন উদ্যোগ মন্ত্ৰী, সাহিত্যিক, শিক্ষাবিদ গুনীন হাজৰিকাই ‘শতদল’ শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷

উল্লেখ্য যে, ১৯২০ চনত স্থানীয় বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী খৰ্গেশ্বৰ গোস্বামীৰ নেতৃত্বত ক্ষুদ্ৰ বেংক হিচাপে আৰম্ভ হোৱা সমবায় সমিতিখনে পৰৱৰ্তী সময়ত ৰাজ্যৰ সমবায় আন্দোলনত এক বৰ্ণিল ইতিহাস গঢ়িবলৈ সক্ষম হয় । ইতিপূৰ্বে কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা সমবায় সমিতিখনৰ গৌৰৱোজ্জল শতবৰ্ষ সমাৰোহত উৎফুল্লিত হৈছে সকলো ।

সমবায় আন্দোলনৰ নেতৃত্ব দিয়া প্ৰায়ত খৰ্গেশ্বৰ গোস্বামীয়ে প্ৰাক স্বাধীনতা কালতে ১৯২০ চনত এটি ক্ষুদ্ৰ বেংক হিচাপে প্ৰতিষ্ঠা কৰা ভলাগুৰি সত্ৰ সমবায় সমিতি ২০২০ বর্ষতে শতবৰ্ষ গৰকিছিল ৷ যদিও ক’ভিড পৰিস্থিতিৰ বাবে শতবৰ্ষ উৎসৱ পালন কৰিবলৈ গৈও থমকি ৰ'ব লগা হৈছিল সমিতিখন ৷ ইতিমধ্যে বৃটিছৰ শাসন দিনতে ১৯২০ চনত কলিয়াবৰৰ কেইগৰাকীমান দূৰদৰ্শী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত জন্ম লাভ কৰা সমবায় সমিতিখনে দাঙি ধৰিবলৈ সক্ষম হৈছে ৰাজ্য তথা দেশৰ ভিতৰতে উৎকৃষ্টতাৰ নিদৰ্শন (Bhalaguri Satra Samabai Samiti in Nagaon) ।

লগতে পঢ়ক: শতবর্ষ গৰকিলে কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.