ETV Bharat / state

ন্যায়ৰ অপেক্ষাত অবিৰত বিক্ষোভ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ

author img

By

Published : Feb 19, 2021, 4:51 PM IST

বিগত ২৫ দিনে অব্যাহত আছে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ অবিৰত বিক্ষোভ কাৰ্যসূচী । ২৫ দিন অতিক্ৰম কৰাৰ পিছতো কৃষকৰ আন্দোলনত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক । যাৰবাবে ভোট বর্জনৰ হুংকাৰ দিছে তিনি শতাধিক পৰিয়ালে ।

massive-protest-in-mikir-bamuni-grant-farmers
ন্যায়ৰ অপেক্ষাত অবিৰত বিক্ষোভ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ

নগাঁও, 19 ফেব্ৰুৱাৰী : বিগত ২৫ দিনে অব্যাহত আছে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ অবিৰত বিক্ষোভ কাৰ্যসূচী । ২৫ দিন অতিক্ৰম কৰাৰ পিছতো কৃষকৰ আন্দোলনত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক । যাৰবাবে ভোট বর্জনৰ হুংকাৰ দিছে তিনি শতাধিক পৰিয়ালে ।

উল্লেখ্য যে, মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ ৰায়তী খতিয়ানপ্ৰাপ্ত ভূমিত 'আজুৰ' নামৰ এটা ব্যক্তিগত কোম্পানীয়ে আৰম্ভ কৰিছে সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম । কৃষিভূমিত চলি থকা সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ কৰি কৃষকক কৃষিভূমি উভতাই দিয়াৰ দাবীত বিগত ২৬ জানুৱাৰীৰ পৰা কৃষকসকলে আৰম্ভ কৰিছে অবিৰত বিক্ষোভ কাৰ্যসূচী ।

কোম্পানীটোৱে আৰম্ভ কৰা প্ৰকল্পৰ সন্মুখতে দিনে নিশাই কৰি অহা প্ৰতিবাদে আজি ২৫ দিনত ভৰি দিছে । কিন্তু বিগত ২৫ দিনে চৰকাৰ তথা প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই প্ৰতিবাদকাৰীৰ বুজ লবলৈ । মাটি ঘূৰাই নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ কথা উল্লেখ কৰি আগন্তক বিধানসভা নিৰ্বাচনত ভোট বর্জনৰ হুংকাৰ প্ৰদান কৰিলে এইসকল কৃষকে ।

কৃষকসকলৰ এই প্ৰতিবাদত অন্যান্য দল-সংগঠনৰ লগতে নিখিল ভাৰত কৃষক সভাই পূৰ্ণ সমৰ্থন আগবঢ়াই জাতি-মাটি. ভেঁটিৰ কথা কোৱা চৰকাৰক তীব্ৰ কটাক্ষ কৰে কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল বৰাই । মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ ভূমিৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আগন্তক নিৰ্বাচনৰ প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰত মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ সমস্যাক স্থান দিয়াৰ দাবী উত্থাপন কৰিছে কৃষক সভাই । লগতে, আগন্তক লোকসভা অধিবেশনত বিষয়টো উত্থাপন কৰিবলৈ স্থানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈক দাবী জনাই সংগঠনটোৱে ।

লগতে পঢ়ক : গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন-কংগ্ৰেছী নেত্ৰী মিৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.