ETV Bharat / state

Statue of Anil Bora: জন্মভূমিত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি

author img

By

Published : Oct 19, 2022, 7:11 PM IST

শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন (Statue of Martyr Anil Bora unveiled)। যুৱ মৰ্চাৰ দুই নেতাৰ উদ্যোগত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি ।

Martyr Anil Boras statue inaugurated in Nagaon
জনমভূমিত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি

নগাঁও, 19 অক্টোবৰ: ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ দুই নেতাৰ উদ্যোগত নিৰ্মাণ হ'ল মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি (Statue of Martyr Anil Bora unveiled in Nagaon)। শ্বহীদ অনিল বৰাৰ জন্মভূমি পলাশনি গাঁৱৰ শ্বহীদ অনিল বৰা স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মিত শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি বুধবাৰে শুভ উন্মোচন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।

উল্লেখযোগ্য যে, ১৯৭২ চনৰ ৭ অক্টোবৰত মাধ্যম আন্দোলনত ভাগ লোৱা সেই সময়ৰ ছাত্ৰ নেতা অনিল বৰা হোজাইত শ্বহীদ হৈছিল দুৰ্বৃত্তৰ গুলীত । অনিল বৰা এগৰাকী ছাত্ৰ যুৱনেতা আৰু অসমৰ মাধ্যম আন্দোলনৰ এগৰাকী ছহিদ আছিল ৷ জাতীয়তাবাদী ভাৱধাৰাৰে তেওঁ কম বয়সতে ভাষা ৰক্ষা আন্দোলনত যোগ দি প্ৰাণ আহুতি দিবলগীয়া হৈছিল ৷

মাধ্যম আন্দোলনৰ এইগৰাকী শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানত বিধায়ক জিতু গোস্বামীৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও (Nagaon MLA Rupak Sharma) । মাধ্যম আন্দোলনৰ শ্বহীদ নগাঁৱৰ অনিল বৰাৰ জনমভূমি পলাশনি গাঁৱত শ্বহীদগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গৌৰাম্বিত বিধায়ক ৰূপক শৰ্মা (Martyr Anil Boras statue inaugurated in Nagaon)।

শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তিটি উন্মোচন কৰি বিধায়ক ৰূপক শৰ্মাই কয়, "শ্বহীদ গৰাকীৰ সংগ্ৰামী সত্বাক আৱক্ষ মূৰ্তিটিয়ে সোঁৱৰাই ৰাখিব ৷ মূৰ্তিটো উন্মোচনৰে জড়িত হ’বলৈ পাই নিজকে গৌৰব বোধ কৰিছো ৷"

ইপিনে মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানত শ্বহীদ অনিল বৰাৰ পৰিয়ালৰ লোকক আমন্ত্ৰণ জনোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে শ্বহীদ অনিল বৰাৰ ভাতৃয়ে । শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানত পৰিয়ালৰ লোকক আমন্ত্ৰণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে শ্বহীদ অনিল বৰাৰ ভাতৃয়ে ।

ভাৰতীয় জনতা পাৰ্টীৰ দুগৰাকী নেতাই উদ্যোগ লৈ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি স্থাপন কৰা কাৰ্য্যৰ শলাগ লয় স্থানীয় লোকে ।

লগতে পঢ়ক: শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতিত শিৱসাগৰত স্থাপন কৰা হ’ব আৱক্ষ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.