ETV Bharat / state

নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত জিলিকিল লাভলীনা

author img

By

Published : Aug 11, 2021, 3:35 PM IST

ভাৰতবৰ্ষৰ ১৩০ কোটি জনতাৰ হৃদয় জিনা অসমৰ প্ৰথমগৰাকী মহিলা অলম্পিয়ান লাভলীনা বৰগোহাঁইক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ ৰাজ্য চৰকাৰে ৰঙা দলিচাৰে লাভলীনাক আদৰণি জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে নিজাববীয়াকৈ চলাইছে প্ৰস্তুতি ৷

Lovlina Borgohain's Grand Welcome Preparations
নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত জিলিকিল লাভলীনা

নগাঁও, 11 আগষ্ট : মঙলবাৰে পুৱা 9 বজাত গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত আহি উপস্থিত হ’ব অসম গৌৰৱ লাভলীনা বৰগোহাঁই ৷ লাভলীনাক আদৰিবলৈ ৰাজ্য চৰকাৰৰ সমান্তৰালভাৱে বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে নিজাববীয়াকৈ চলাইছে প্ৰস্তুতি ৷ লাভলীনা বৰগোহাঁইক গৃহ চহৰ গোলাঘাটৰ লগতে নগাঁৱতো আদৰণি জনোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

নগাঁও জিলাৰ ননৈৰ দুই চিত্ৰ শিল্পীয়েও লাভলিনাক আদৰিবলৈ অংকন কৰিছে তেওঁ সুবিশাল চিত্ৰ । নগাঁৱৰ ননৈ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ দেৱালত শিল্পীদ্বয় কুকিল আৰু ধ্ৰুৱই অংকন কৰিছে লাভলীনাৰ সুবিশাল চিত্ৰ ৷ ক্ৰীড়া জগতত অসমৰ নাম উজলাই তোলা লাভলীনা বৰগোহাঁইৰ এক সুবিশাল চিত্ৰ অংকন কৰি উষ্ম আদৰণি জনাইছে শিল্পীদ্বয়ে ।

দেখা গৈছে যে গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন চহৰতো লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই আঁৰি দিয়া হৈছে হৰ্ডিং ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কেৱল লাভলীনাৰ ফটোহে সন্নিৱিষ্ট কৰা হৈছে হৰ্ডিং সমূহত ৷ কোনো ধৰণৰ দল-অথবা ৰাজনৈতিক ব্যক্তিৰ ছবি সন্নিৱিষ্ট কৰিলৈ দিয়া হোৱা নাই ৷ কিয়নো ইয়াৰ পূৰ্বে লাভলীনা লৈ শুভেচ্ছা জনোৱা হৰ্ডিঙত মুখ্যমন্ত্ৰী-ক্ৰীড়া মন্ত্ৰীৰ ফটো সংযোজনে বিতৰ্কৰ সৃষ্টি কৰিছে ৷

কেৱল হৰ্ডিং অথবা দেৱালেই নহয়, এতিয়া চিটিবাছতো জিলিকিছে লাভলীনাৰ ছবি ৷ মহানগৰীৰ চিটিবাছ সমূহত লগোৱা হৈছে লাভলীনাৰ ফটো ৷ ব্ৰঞ্জ জয়েৰে গৌৰৱ কঢ়িয়াই অনা লাভলীনাক লৈ এতিয়া সুখী ৰাজ্যবাসী ৷

ইতিমধ্যেই স্ব-দেশত উপস্থিত হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইক দিল্লীত প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰি আদৰণি জনায় ৷ এতিয়া লাভলীনাক আদৰণি জনাবলৈ ব্যাপক উৎকণ্ঠাৰে অপেক্ষা কৰি আছে অসমবাসীয়ে ।

টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা লাভলিনা বৰগোহাঁই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ । অসম সন্তান শিৱ থাপাৰ পিছত তেওঁ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হোৱাৰ লগতে দ্বিতীয় গৰাকী অসমীয়া বক্সাৰ । 1997 চনৰ 2 অক্টোবৰত গোলাঘাটত লাভলীনাৰ জন্ম হৈছিল ৷

লাভলীনাই ২০১৮ চনত এছিয়ান অলিম্পিক কোৱালিফায়াৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু ২০২০ চনত এছিয়া আৰু ওচেনিয়া বক্সিং অলিম্পিক টুৰ্ণামেণ্টত উজবেকিস্তানৰ মাফতুনাখোন মেলিয়েভা(Maftunakhon Melieva of Uzbekistan)ক ৫-০ পইন্টত পৰাস্ত কৰি ভাৰতীয় অলিম্পিক দলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : কৃষি বিপ্লৱৰ জৰিয়তে প্ৰকৃত অসমীয়াগিৰি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.