ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - extension of Kaziranga national park area

জীৱ-জন্তুৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কিন্তু উদ্যানখনৰ এই সিদ্ধান্তক মানি ল'ব খোজা নাই স্থানীয় ৰাইজে ৷ কিয় ৰাষ্ট্ৰীয় উদ্যানখনৰ এনে পদক্ষেপৰ বিৰোধিতা কৰিছে ৰাইজে ? পঢ়ক এই প্ৰতিবেদন...

locals-oppose-extension-of-kaziranga-national-park-area
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
author img

By

Published : Aug 18, 2021, 6:56 PM IST

কলিয়াবৰ,18 আগষ্ট: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে কলিয়াবৰত এক সহস্ৰাধিক লোকৰ তীব্ৰ প্ৰতিবাদ ৷ ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সপ্তম আৰু অষ্টম সংযোজনৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদী ৰাইজে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ভূমি সম্প্ৰসাৰণৰ হঠকাৰী সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ'ব বুলি বদ্ধপৰিকৰ প্ৰতিবাদকাৰী সকল ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে বাস কৰি অহা থলুৱা জনসাধাৰণৰ জীৱন-জীৱিকাৰ ওপৰত মাধমাৰ শোধাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই জীৱ-জন্তুৰ স্বাৰ্থত উদ্যানখনৰ পৰিসৰ বৃদ্ধি কৰি আহিছে ৷ এই পৰিসৰ বৃদ্ধিৰ বাবে সপ্তম আৰু অষ্টম সংযোজনৰ বাবে উদ্যান কৰ্তৃপক্ষই ইতিমধ্যেই ভূমি অধিগ্ৰহণৰ কাম কৰি আছে ৷ এই ভূমি অধিগ্ৰহণৰ বিৰোধিতাৰে বুধবাৰে ফুলগুৰিত স্থানীয় ৰাইজে পালন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

মন কৰিবলগীয়া যে, অঞ্চলটো জনসাধাৰণে পূৰ্বৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে নিজৰ কৰ্তব্য পালন কৰি আহিছে ৷ কিন্তু তাৰ বিপৰীতে উদ্যান কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷

আমাৰ মাটি আমাৰ অধিকাৰ, ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি ধ্বংস নকৰিব, ভূমিপুত্ৰ আৰু থলুৱা মানুহক ৰক্ষা কৰক আদি বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত প্ৰতিবাদী ৰাইজে এক সমদল বাহিৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ত সমগ্ৰ বিষয়টো অনতি পলমে মীমাংসা কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ চহৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.